• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhabesh Kalita : বিধায়ক ভৱেশ কলিতাই নিযুক্তিৰ নামত ধন বিচৰাৰ অভিযোগ তোলা যুৱতীৰ বিৰুদ্ধে ৰঙিয়া থানাত গোচৰ

Bhabesh Kalita : বিধায়ক ভৱেশ কলিতাই নিযুক্তিৰ নামত ধন বিচৰাৰ অভিযোগ তোলা যুৱতীৰ বিৰুদ্ধে ৰঙিয়া থানাত গোচৰ

জয়া কলিতাৰ বিৰুদ্ধেও আদালততো গোচৰ তৰিব বুলি প্ৰকাশ কৰে বিধায়ক কলিতাই

জয়া কলিতাৰ বিৰুদ্ধেও আদালততো গোচৰ তৰিব বুলি প্ৰকাশ কৰে বিধায়ক কলিতাই

জয়া কলিতাৰ বিৰুদ্ধেও আদালততো গোচৰ তৰিব বুলি প্ৰকাশ কৰে বিধায়ক কলিতাই

  • Share this:
বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে দুৰ্নীতিৰ অভিযোগ তোলাৰ পৰিপ্ৰেক্ষিতত কলিতাই আজি ৰঙিয়া থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে কলিতাই ২০১৮ চনত ৰঙিয়াৰ বিধায়কে চাকৰিৰ নামত ধন বিচৰা বুলি ফেচবুকত অভিযোগ তুলি পোষ্ট কৰিছিল। জলসিঞ্চন বিভাগৰ মন্ত্ৰী থকা সময়তে এই বিভাগত প্ৰদান হৈছিল নিযুক্তি, যি নিযুক্তি প্ৰক্ৰিয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ফোনযোগে ধন বিচৰাৰ অভিযোগ কৰিছিল কলিতাই।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এয়া মিছা অপপ্ৰচাৰ বুলি উল্লেখ কৰি পুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে তথ্য প্ৰমাণ যদি আছিলে ইমান দিনলৈ কিয় অপেক্ষা কৰিছিল তেওঁ। আজি ৰঙিয়া থানাত সন্ধিয়া দলীয় কৰ্মীৰ সৈতে জয়া কলিতাৰ বিৰুদ্ধে গোচৰ দিয়ে ভবেশ কলিতাই। কলিতাই তেওঁক টাৰ্গেট কৰি জয়া কলিতাই দিয়া পোষ্টটো ভিত্তিহীন বুলি মন্তব্য কৰি কয় যে ভাবমূৰ্তি ম্লান কৰাৰ বাবে এনে মিছা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ লগতে জয়া কলিতাৰ বিৰুদ্ধেও আদালততো গোচৰ তৰিব বুলি প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি