লেহেমীয়া গতিত চলিছে তিনিচুকীয়াৰ ডিৰাক–চুমণি মথাউৰি নিৰ্মাণৰ কাম, ক্ষুদ্ধ বিধায়ক বলিন চেতিয়া

বিধায়কগৰাকীয়ে ডিৰাক-চুমনিৰ মথাউৰিত নিজে উপস্থিত হৈ কামৰ অগ্ৰগতি দেখি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে।
বিধায়কগৰাকীয়ে ডিৰাক-চুমনিৰ মথাউৰিত নিজে উপস্থিত হৈ কামৰ অগ্ৰগতি দেখি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে।
- News18 Assam
- Last Updated: May 10, 2020, 11:08 AM IST
বিধায়কগৰাকীয়ে ডিৰাক-চুমনিৰ মথাউৰিত নিজে উপস্থিত হৈ কামৰ অগ্ৰগতি দেখি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে। ঠিকাদাৰ–মহৰিৰ লগতে বান নিয়ন্ত্ৰন বিভাগৰ কৰ্মচাৰীক অধিক ক্ষিপ্ৰতাৰে জিঅ' বেগৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কেইদিনমানৰ পিছতে কামৰ অগ্ৰগতিৰ বুজ ল’বলৈ পুনৰ মথাউৰি পৰিদৰ্শন কৰিব বুলি জনায় চেতিয়াই৷
আনহাতে, মথাউৰি মেৰামতি কৰা কামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ উপৰি একাংশই কামত বিধি–পথালি দিয়াৰ অভিযোগ সন্দৰ্ভত বিধায়কগৰাকীয়ে কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ'ব বুলি প্ৰকাশ কৰি কামত বিধি–পথালি দিয়া ব্যক্তিৰ ওপৰত প্ৰয়োজন সাপেক্ষে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে৷ উল্লেখ্য যে বাৰিষা সমাগত হ’ল যদিও বৰ্তমানলৈকে মথাউৰিৰ মেৰামতিৰ কাম প্ৰায় চল্লিশ শতাংশহে সম্পন্ন হৈছে।