• Home
  • »
  • News
  • »
  • assam
  • »
  • নতুন বাইক উপহাৰ দিছে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে

নতুন বাইক উপহাৰ দিছে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে

৫ আগষ্টত শোণিতপুৰৰ ঠেলামৰাৰ গৰুডুবা কাণ্ডত দুৰ্বৃত্তই জ্বলাই দিছিল কেইবাখনো বাইক৷

৫ আগষ্টত শোণিতপুৰৰ ঠেলামৰাৰ গৰুডুবা কাণ্ডত দুৰ্বৃত্তই জ্বলাই দিছিল কেইবাখনো বাইক৷

৫ আগষ্টত শোণিতপুৰৰ ঠেলামৰাৰ গৰুডুবা কাণ্ডত দুৰ্বৃত্তই জ্বলাই দিছিল কেইবাখনো বাইক৷

  • Share this:
ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে সাতখনকৈ নতুন বাইক উপহাৰ দিছে ৰাম ভক্তক৷ যোৱা ৫ আগষ্টত শোণিতপুৰৰ ঠেলামৰাৰ গৰুডুবা কাণ্ডত দুৰ্বৃত্তই জ্বলাই দিছিল কেইবাখনো বাইক৷ একাংশ যুৱকৰ বাইক দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ পিছতেই শনিবাৰে ঢেকীয়াজুলিৰ বিজেপি বিধায়ক অশোক সিংঘালে ব্যক্তিগতভাৱে সাতজন যুৱকক  একোখনকৈ নতুন বাইক উপহাৰ হিচাপে প্ৰদান কৰে৷

উল্লেখ্য যে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পুজন আৰু আধাৰশিলা স্থাপন কৰা দিনটোত শোণিতপুৰ জিলাৰ ঠেলামৰাত একাংশই বাইক ৰেলী উলিয়াইছিল৷ উক্ত বাইক ৰেলীটো গৰুডুবাৰ হৰগৌৰী দেৱালয়ৰ দিশে গৈ উভতি অহাৰ সময়তে ফটকা ফুটুৱাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাত হয়৷ ইয়াৰ পিছতেই এই ঘটনা হিংসাত্মক ৰূপ লয়৷ দুষ্কৃতিকাৰীয়ে টাটা মেজিকসহ কেইবাখনো বাইক জ্বলাই দিছিল৷ বাইক জ্বলিছিল ৰেলী কৰি যোৱা যুৱক সকলৰো৷

ঘটনাই যাতে সাম্প্ৰদায়িক ৰূপ নলয় তাৰ বাবে প্ৰশাসনে অঞ্চলটোত সেনাৰ ফ্লেগ মাৰ্ছ কৰি  কাৰ্ফিউ জাৰি কৰিছিল৷ বৰ্তমানেও অঞ্চলটোত কাৰ্ফিউ বলৱৎ হৈ আছে৷ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ঢেকীয়াজুলিৰ বিধায়কে সাতখন বাইক উপহাৰ দিয়ে ভুক্তভোগী যুৱককেইজনক৷
Published by:Sanjay Kumar Das
First published: