বহুদিনীয়া সপোন এটা পূৰণ হ’ল, বিধায়কক কাষত পাই উচুপি উঠিল এইগৰাকী আইতাই

News18 Assam | News18-Assam
Updated:November 22, 2020, 6:07 PM IST
বহুদিনীয়া সপোন এটা পূৰণ হ’ল, বিধায়কক কাষত পাই উচুপি উঠিল এইগৰাকী আইতাই
ঢেকিয়াজুলি বিধানসভা সমষ্টিত PMAY আঁচনিৰ অধীনত নিৰ্মাণ হোৱা ১৫০গৰাকী হিতাধিকাৰীৰ পকীঘৰ উদ্বোধন কৰে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালে৷

ঢেকিয়াজুলি বিধানসভা সমষ্টিত PMAY আঁচনিৰ অধীনত নিৰ্মাণ হোৱা ১৫০গৰাকী হিতাধিকাৰীৰ পকীঘৰ উদ্বোধন কৰে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালে৷

  • Share this:
২১ৰ বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ বাকী৷ তাৰ পূৰ্বে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালে চৰকাৰী আঁচনিৰ আধাৰশিলাৰে চমক সৃষ্টি কৰিছে৷ শনিবাৰে সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা ১৫০গৰাকী হিতাধিকাৰীৰ গৃহ উদ্বোধন কৰে বিধায়ক অশোক সিংহালে৷ ইয়াৰ মাজতে এটা দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে সকলোকে৷

PMAY গৃহ লাভ কৰা ঢেকিয়াজুলিৰ এগৰাকী আইতাই বিধায়ক অশোক সিংহালক সন্মুখত পায় হুকহুকাই কান্দি উঠিল৷ সুদীৰ্ঘ বছৰে উৰুখা পঁজাত দিন কটোবা ঢেকিয়াজুলিৰ মাজৰৌমাৰীৰ এইগৰাকী আইতাই অৱশেষত বিজেপি চৰকাৰৰ আমোলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা পকী ঘৰটো উদ্বোধন কৰিলে বিধায়ক অশোক সিংহালে৷ আইতাগৰাকীয়ে বিধায়কগৰাকীক পাই উচুপি উঠিল৷ বিধায়ক সিংহালেও নিজৰ গামোচাৰে মচি দিলে আইতাৰ চকুপানী৷

উল্লেখযোগ্য যে ঢেকিয়াজুলি বিধানসভা সমষ্টিত PMAY আঁচনিৰ অধীনত নিৰ্মাণ হোৱা ১৫০গৰাকী হিতাধিকাৰীৰ পকীঘৰ উদ্বোধন কৰে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালে৷ বিধায়ক সিংহালে নিজ হাতেৰে PMAY গৃহ উদ্ধোধন কৰি কয়- সুদীৰ্ঘ বছৰে দৰিদ্ৰ পৰিয়ালে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছিল কিন্তু বিজেপিয়ে বাস্তৱত দৰিদ্ৰ পৰিয়ালৰ উন্নয়ন কৰিছে৷
Published by: Sanjay Kumar Das
First published: November 22, 2020, 6:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading