‘পাকিস্তান জিন্দাবাদ’ দিয়াসকলক অসমত থাকিবলৈ দিয়া নহ’ব, ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব – হুংকাৰ বিজেপি বিধায়কৰ

বিধায়ক সিংঘালে কয়, ‘কংগ্ৰেছত এতিয়া অমাৱস্যা চলি আছে, বিজেপিত পূৰ্ণিমা চলি আছে৷ পূৰ্ণিমাৰ পোহৰ লাগিলে বিজেপিৰ লগত থাকিব লাগিব৷’
বিধায়ক সিংঘালে কয়, ‘কংগ্ৰেছত এতিয়া অমাৱস্যা চলি আছে, বিজেপিত পূৰ্ণিমা চলি আছে৷ পূৰ্ণিমাৰ পোহৰ লাগিলে বিজেপিৰ লগত থাকিব লাগিব৷’
- News18 Assam
- Last Updated: November 9, 2020, 10:44 AM IST
কিন্তু বিজেপি বিধায়কে যেন মানিব নোখোজে এই কথা। মন্ত্ৰী হিমন্ত বিশ্বৰ পক্ষত থিয় দি ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি প্ৰসংগত ঢেকিয়াজুলিৰ বিজেপি বিধায়ক অশোক সিংঘালৰ মন্তব্য- ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া ভিডিঅ’টো সঁচা নে মিছা ফেচবুকে ভেৰিফাই কৰিব লাগিব নেকি? এইবিলাক কিহৰ তদন্ত হ’ব লাগে? ৰাইজে কৈছে তাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া হৈছিল বুলি, তাৰ মানে কৈছে৷
‘‘পাকিস্তান জিন্দাবাদ’ দিয়া কোনো লোকেই অসমৰ মাটিত থাকিব নোৱাৰে৷ যদি ‘ভাৰত মাত কী জয় কয় তেন্তে ঠিক আছে, কিন্তু ‘পাকিস্তান জিন্দাবাদ’ দিয়াসকল অসমৰ পৰা যাব লাগিব৷ এক্সন নহয় ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব ‘পাকিস্তান জিন্দাবাদ’ দিয়া সকলক৷’ – ক’লে অশোক সিংঘালে।