৬০ খন মিঞা পাব্লিক স্কুল স্থাপনৰ কাৰণ কি? আঙুৰলতা ডেকাৰ মতে, অসম শিক্ষা ব্যৱস্থাত এয়া এক আক্ৰমণ

News18 Assam | News18-Assam
Updated:October 31, 2020, 3:27 PM IST
৬০ খন মিঞা পাব্লিক স্কুল স্থাপনৰ কাৰণ কি? আঙুৰলতা ডেকাৰ মতে, অসম শিক্ষা ব্যৱস্থাত এয়া এক আক্ৰমণ
অসমত ৬০ খন মিঞা পাব্লিক স্কুল স্থাপন কৰিব বিচৰাটো দূৰ্ভাগ্যজনক আখ্যা দিয়ে শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকাই।

অসমত ৬০ খন মিঞা পাব্লিক স্কুল স্থাপন কৰিব বিচৰাটো দূৰ্ভাগ্যজনক আখ্যা দিয়ে শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকাই।

  • Share this:
মিঞা স্কুল স্থাপনেৰে অসমৰ শিক্ষা ব্যৱস্থাক আক্ৰমণ কৰিব বিচাৰিছে এটা বিশেষ সম্প্ৰদায়ৰ লোকে। মিঞা পাব্লিক স্কুল স্থাপনকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য আগবঢ়াই বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাই।

অসমত ৬০ খন মিঞা পাব্লিক স্কুল স্থাপন কৰিব বিচৰাটো দূৰ্ভাগ্যজনক আখ্যা দিয়ে শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকাই। সুকীয়াকৈ মিঞাৰ নামত কিয় অসমত স্কুল লাগে বুলিও প্ৰশ্ন কৰে বিধায়িকাগৰাকীয়ে। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মুঠেই  মিত্ৰতা নহয় বুলি দাবী কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধাক্ষ্যৰ দায়িত্বত থকা আঙুৰলতা ডেকাই। আংগুৰলতাৰ মতে,
তৃনমুল পৰ্য্যায়ত কংগ্ৰেছ আৰু এআইইউডিএফৰ কৰ্মীৰ মাজত তেল পানী সম্পৰ্ক।
Published by: Himangshu Bhuyan
First published: October 31, 2020, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading