নিশিতাৰ সৈতে কঁকাল ঘূৰাই নাচি আঙুৰলতাই ক'লে "উপদেশতকৈ আৰ্হি ভাল, ভাষণ দিয়াতকৈ হাতে-কামে লগা ভাল"

News18 Assam | News18-Assam
Updated:April 16, 2021, 10:55 PM IST
নিশিতাৰ সৈতে কঁকাল ঘূৰাই নাচি আঙুৰলতাই ক'লে
আঙুৰলতাই লগতে কয়, "উপদেশতকৈ আৰ্হি ভাল। জাতিৰক্ষাৰ বাবে দিয়া ভাষণ মই শুনি ভাল পাইছো, কিন্তু কেৱল ভাষণৰে জাতি নাবাচে

আঙুৰলতাই লগতে কয়, "উপদেশতকৈ আৰ্হি ভাল। জাতিৰক্ষাৰ বাবে দিয়া ভাষণ মই শুনি ভাল পাইছো, কিন্তু কেৱল ভাষণৰে জাতি নাবাচে

  • Share this:
"জাতিৰক্ষাৰ বাবে সকলোৱে প্ৰথমে নিজৰ ভেটিটো বচাব লাগিব, যদি ভেটিয়ে নাথাকে তেনেহ'লে জাতি কেনেকৈ ৰক্ষা হ'ব"- আজি ধিং আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আঙুৰলতা ডেকাই।

উল্লেখযোগ্য যে, ছাত্ৰ সন্থাই আয়োজন কৰা বিহুত ভাষণ প্ৰদান কৰি কা আন্দোলনৰ ৫গৰাকী শ্বহীদৰ কথা উল্লেখ কৰি আওপকীয়াকৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাইজক সেই দিনবোৰ পাহৰি নাযাবলৈকো আহ্বান জনাইছিল জ্ঞানশ্ৰী বৰাই। ইয়াৰ পিচতে ভাষণ প্ৰদান কৰি আঙুৰলতা ডেকাই এই মন্তব্য কৰে।

আঙুৰলতাই লগতে কয়, "উপদেশতকৈ আৰ্হি ভাল। জাতিৰক্ষাৰ বাবে দিয়া ভাষণ মই শুনি ভাল পাইছো, কিন্তু কেৱল ভাষণৰে জাতি নাবাচে। মই সংকল্প লৈছো অহাবাৰ বিহুত মই নিজে ১০খন গামোচা বৈ উলিয়াম। অসমীয়া জাতিক ৰক্ষা কৰিবলৈ ভাষণ সকলোৱে প্ৰদান কৰে পিছে জাতি জানো ভাষণত বাচিব। হাতে-কামে লাগি জাতিটো বচালেহে জাতিটোৰ কল্যাণ হ'ব। বটদ্ৰৱাৰ চৌপাশে ঘূৰিলেই সকলোৱে বুজি পাব দৰাচলতে ইয়াৰ অসমীয়া ৰাইজে কি দৰে জীৱন-যাপন কৰিছে।"

আজিৰ এই সভাত জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী, অভিনেতা নয়ণ নিৰ্বাণ বৰুৱাইয়ো অংশগ্ৰহণ কৰে। বিধায়িকা আঙুৰলতাৰ সৈতে অভিনেত্ৰী নিশিতা গোস্বামী আৰু অভিনেতা নয়ন নিৰ্বানে মুকলি বিহুত বিহুনৃত্য প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিয়াও পৰিলক্ষিত হয়।
Published by: Himangshu Bhuyan
First published: April 16, 2021, 10:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি