লগে–ভাগে এসাঁজ খোৱাৰ হেঁপাহ, একঁকাল পানীত নামি চাৰিপুনীয়া বিলত মাছ ধৰিলে বিধায়িকা আঙুৰলতা ডেকাই

ৰাজ্যৰ ভিন্ন প্ৰান্তুৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতায়ো সমষ্টিটোৰ চাৰিপুনীয়া বিলত স্থানীয় মহিলাৰ সৈতে বিহু নাচি মাছ ধৰি আনন্দত মতলীয়া হৈ পৰে।
ৰাজ্যৰ ভিন্ন প্ৰান্তুৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতায়ো সমষ্টিটোৰ চাৰিপুনীয়া বিলত স্থানীয় মহিলাৰ সৈতে বিহু নাচি মাছ ধৰি আনন্দত মতলীয়া হৈ পৰে।
- News18 Assam
- Last Updated: January 13, 2021, 6:20 PM IST
চাৰিপুনীয়া বিলত স্থানীয় লোকৰ সৈতে পল’, জাকৈ, খালৈ লৈ মাছ ধৰাত ব্যস্ত হৈ পৰে বিধায়িকাগৰাকী। ভিন্ন সময়ত ভিন্ন ৰূপত সততে দেখা যায় বিধায়িকা আঙুৰলতা ডেকাক। বিশেষকৈ গ্ৰামাঞ্চলৰ চহা জীৱনৰ লগত এক সম্পৰ্ক ৰাখিব বিচাৰে বিধায়িকাগৰাকীয়ে।
আজি ভোগালীৰ উৰুকা। ৰাজ্যৰ ভিন্ন প্ৰান্তুৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতায়ো সমষ্টিটোৰ চাৰিপুনীয়া বিলত স্থানীয় মহিলাৰ সৈতে বিহু নাচি মাছ ধৰি আনন্দত মতলীয়া হৈ পৰে। অভিনেত্ৰী হিচাপে "বাকৰ পুতেক" নামৰ চলচ্চিত্ৰত পানীত নামি মাছ ধৰা অভিজ্ঞতাৰ লগতে আগতে গাঁৱত মাছ ধৰা অভ্যাস থকাত মাছ ধৰাত বিশেষ অসুবিধা নাই হোৱা বুলিও ব্যক্ত কৰে বিধায়িকা গৰাকীয়ে।