உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বটদ্ৰৱাত হাৰিল বিধায়িকা আঙুৰলতা ডেকা...!

    বটদ্ৰৱাত হাৰিল বিধায়িকা আঙুৰলতা ডেকা...!

    ভোগালীৰ এসাঁজৰ লগত সংগতি ৰাখি থলুৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

    ভোগালীৰ এসাঁজৰ লগত সংগতি ৰাখি থলুৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

    ভোগালীৰ এসাঁজৰ লগত সংগতি ৰাখি থলুৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

    • Share this:
    বটদ্ৰৱা সমষ্টিত এইবাৰ লক্ষ্য ভ্ৰষ্ট হ’ল বিধায়িকা আঙুৰলতা ডেকাৰ। ভোগালী বিহু উপলক্ষে আয়োজন কৰা পৰম্পৰাগত খেলত লক্ষ্য ভ্ৰষ্ট হৈ পৰাজয় হ’ল বিধায়িকা আঙুৰলতাৰ।
    বটদ্ৰৱা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত বেলতল খেলপথাৰত শনিবাৰে ভোগালীৰ এসাঁজ শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে  অনুষ্ঠানটিৰ  শুভাৰম্ভণি কৰা হয়। ইয়াৰ পিছতেই বটদ্ৰৱা সমষ্টিৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ পুৰুষ আৰু মহিলাসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন পৰম্পৰাগত খেল–ধেমালি।

    বৰ্তমান সমাজৰ পৰা হেৰাই যাব খোজা ৰছী টনা খেল, টেকেলি ভঙা খেল, কুকুৰা যুঁজ আৰু পুখুৰী পাৰকে ধৰি বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহিলা সকলৰ মাজত অনুষ্ঠিত টেকেলি ভঙা খেলত বিধায়িকা আঙুৰলতা ডেকাই অংশগ্ৰহণ কৰি পৰাজয় বৰণ কৰিলে যদিও উপস্থিত ৰাইজ তথা মহিলাক উৎসাহ যোগাই। ইয়াৰ লগতে বিধায়িকাগৰাকীয়ে ৰছী টনা খেলতো অংশগ্ৰহণ কৰে।

    ভোগালীৰ এসাঁজ অনুষ্ঠানৰ মাজতে বটদ্ৰৱা সমষ্টিৰ  বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তিক একোখনকৈ গামোচাৰে আদৰণি জনাই তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰে  বিধায়িকা আঙুৰলতা ডেকাই। ইফালে উক্ত অনুষ্ঠানত উপস্থিত হৈ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যা সাগৰ আৰু কল্লোল বৰঠাকুৰে গীতৰ শৰাই আগবঢ়াই। বিদ্যাসাগৰৰ গীতত আনকি মন–প্ৰাণ ঢালি বিহু নাচিলে বিধায়িকা গৰাকীয়ে। গীতৰ তালে তালে বিধায়িকা আঙুৰলতাৰ লগতে সমষ্টিবাসীৰ  আনন্দ–স্ফূৰ্তি কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে।

    ভোগালীৰ এসাঁজৰ লগত সংগতি ৰাখি থলুৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিহু, হুঁচৰি আৰু সাংস্কৃতিক দলসমূহে পৰিৱেশন কৰা অনুষ্ঠানতো জীপাল হৈ পৰে বেলতল অঞ্চল। শেষত বটদ্ৰৱা সমষ্টিবাসী আৰু বিজেপি দলৰসমূহ কৰ্মকৰ্তাই একেলগ হৈ ভোগালী বিহুৰ উপলক্ষে মাছে-মঙহে এসাজ খাই মনৰ আনন্দ লভে।

    উল্লেখযোগ্য যে বিধায়িকা আঙুৰলতা ডেকাই কেইবাটাও খেলত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইফালে বিদ্যা সাগৰৰ গীতত বিধায়িকা আঙুৰলতা ডেকাই নৃত্য প্ৰদৰ্শন কৰাত আনন্দত আত্মহাৰা হৈ পৰে সমষ্টিবাসী ৰাইজ।
    Published by:Sanjay Kumar Das
    First published: