নিৰ্বাচন চমু চাপিছে। ব্যস্ততা বৃদ্ধি পাইছে শাসক–বিৰোধীৰ দলীয় নেতা–কৰ্মীৰ৷ দিন–নিশা একাকাৰ কৰি ভোটৰ অংকত ব্যস্ত প্ৰতিগৰাকী প্ৰাৰ্থী৷ তাৰেই এগৰাকী বিজেপি তথা মিত্ৰজোঁটৰ বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ বিধায়িকা তথা আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী আঙুৰলতা ডেকা৷
আঙুৰলতা ডেকাৰে News18ৰ এক বিশেষ সাক্ষাৎকাৰত বিজেপি প্ৰাৰ্থীগৰাকীৰ দাবী – মই নিশ্চিতভাৱে জয়ী হ’ম৷ শেহতীয়া সময়ছোৱাত সমষ্টিবাসী ৰাইজৰ হকে কৰা কাম আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজে সিদ্ধান্ত ল’ব৷ অৱশ্যে সমষ্টিটোৰ বহুখিনি উন্নয়ন কৰিবলৈ এতিয়াও বাকী আছে বুলি উল্লেখ কৰে আঙুৰলতাই৷
সমষ্টিটোত প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ উদ্দেশ্যে আঙুৰলতাই কয়, ‘‘সমষ্টিটোত মহিলা প্ৰাৰ্থী আগবঢ়োৱাত মই সুখী৷ ৰাজনীতিত মহিলা আগবাঢ়ি আহিব লাগে৷ বিধানসভাৰ মজিয়াত নিজকে অকলশৰীয়া অনুভৱ হয়, কিয়নো মহিলাৰ সংখ্যা যথেষ্ট কম৷’’
সাংস্কৃতিক ক্ষেত্ৰৰ পৰা ৰাজনীতিত ভৰি দিয়া আঙুৰলতাক সাংবাদিকৰ প্ৰশ্ন - আপোনাৰ প্ৰথম চিনাকী কি? আঙুৰলতাৰ উত্তৰ – শিল্পী৷ ৰাজনীতিৰ পথাৰত সাংস্কৃতিক জগতৰ কোন শিল্পীক প্ৰতিদ্বন্দ্বী বুলি ভাৱে বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰস্তুতি পৰাশৰৰ নাম উল্লেখ কৰে বিধায়িকাগৰাকীয়ে৷
ইফালে, ৰাজ্যৰ ৰাজনীতিত কাক আটাইতকৈ ভাল লাগে আৰু কিয় বুলি সোধা প্ৰশ্নত আঙুৰলতা ডেকাৰ উত্তৰ –‘‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ মুখ্যমন্ত্ৰী সোণোৱালে সুন্দৰকৈ পৰিধান কৰা সুন্দৰ সাজ–পোছাকে বিশেষ মৰ্যাদা বহন কৰে৷’’ অৱশ্যে দ্বিতীয় স্থানত ৰাখে পল্লৱ লোচন দাসক৷ সাংসদগৰাকীয়েও সুন্দৰকৈ সাজ–পোছাক পৰিধান কৰি নিজক আকৰ্ষণী কৰি ৰাখে বুলি কয়৷
নিজেও সুন্দৰকৈ সাজ–পাৰ পৰিধান কৰি ভালপোৱা আঙুৰলতাৰ মতে প্ৰতিটো মূহুৰ্ত চিকচাক হৈ থাকিব লাগে৷ ভ্ৰাম্যমানত থকা সময়ৰে পৰা সাজ–পাৰত চখ থকা বুলি মন্তব্য আঙুৰলতাৰ৷ কথা প্ৰসংগতে আঙুৰলতাই কলে, ‘‘মোৰ নিজৰে প্ৰায় ৫ হাজাৰৰো অধিক মেখলা–চাদৰ আছে৷’’
আনহাতে, ৰাজ্যৰ ৰাজনীতিৰ জলকীয়া কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত আঙুৰলতাই ক’লে, হিমন্ত বিশ্ব শৰ্মা৷ বিগত পাঁচ বছৰে মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বহুখিনি শিকিব আৰু জানিব পৰা বুলি উল্লেখ কৰে৷ পিছে, বহু সময়ত হিমন্ত বিশ্বক ভয় কৰে আঙুৰলতাই৷ কিয়নো কথা ক’ব নাজানিলে হিমন্ত বিশ্ব শৰ্মাই খং কৰে বুলি মন্তব্য৷ সেয়ে হিমন্তৰ পৰা বহুখিনি দূৰত থাকে আঙুৰলতা৷ পিছে, হিমন্তলৈ আঙুৰলতাৰ আহ্বান, হিমন্ত বিশ্বক অসমত প্ৰযোজন, অসমৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকী অসমত থাকিব লাগিব৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|