কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়িকা গৰাকীয়ে কয় যে মিত্ৰজোঁটে একো প্ৰভাব নেপেলায় আমাৰ জয়যাত্ৰাত৷
কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়িকা গৰাকীয়ে কয় যে মিত্ৰজোঁটে একো প্ৰভাব নেপেলায় আমাৰ জয়যাত্ৰাত৷
এসময়ত অভিনয়ৰ যোগেদি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা আঙুৰলতা ডেকা এতিয়া এগৰাকী সফল বিজেপি বিধায়িকা। এক কথাত বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ। কি বিটিচি নিৰ্বাচন, কি তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন, সকলো নিৰ্বাচনতে প্ৰচাৰ সভাত গীত–নৃত্য কৰি ভোটাৰ ৰাইজক মন মুগ্ধ কৰিবলৈ সক্ষম হৈছিল আঙুৰলতা ডেকাই। সমাগত বিধানসভা নির্বাচনত কি হ’ব বটদ্ৰৱা সমষ্টিৰ নিৰ্বাচনী সমীক্ষা? সমষ্টিটো তেওঁৰ হাতত থাকিবনে – এয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
মঙলবাৰে সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰি বিধায়িকাগৰাকীয়ে কয়, ‘‘যোৱা পাঁচটা বছৰে অনেক বাধা-বিঘিনি অতিক্ৰমি অতি সন্মানীয় গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ দৰে সমষ্টিৰ উন্নয়নৰ বাবে যৎপৰোনাষ্টি কাম কৰি আহিছো৷ আগন্তুক নিৰ্বাচনত দলে বিচাৰিলে মই এই সমষ্টিটোৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ম৷’’
মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ কাকমাৰী, কপাহেৰা, চাবুৱাধৰা আদি কেইবাটাও পঞ্চায়তত পাঁঁচটাকৈ গুৰুত্বপূৰ্ন পথ, এখন দলঙৰ আধাৰশিলা স্থাপনৰ লগতে কপাহেৰাৰ নৱনিৰ্মিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলাৰ আধাৰশিলা কৰি বিধায়িকাগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷
বটদ্ৰৱা এৰি আন সমষ্টিলৈ আঙুৰলতা ডেকাই মন মেলিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বাকচতুৰ বিধায়িকাগৰাকীয়ে কয় যে - এনেধৰণৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত বিভিন্ন সমষ্টিৰ মানুহৰ পৰা নিৰ্বাচন খেলিব লাগে বুলি দাবী আহিছে যদিও বটদ্ৰৱা এৰি ক’লৈকো নাযাঁও ৷ আগতে মই ৰাজনীতিত একেবাৰে নতুন আছিলো৷ কিন্তু যোৱা পাঁচ বছৰত মই যথেষ্ট অভিজ্ঞতা লাভ কৰিছো৷
কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়িকা গৰাকীয়ে কয় যে মিত্ৰজোঁটে একো প্ৰভাব নেপেলায় আমাৰ জয়যাত্ৰাত৷ কিয়নো মিত্ৰজোঁটৰ মাজতে একতা নাই৷ মিত্ৰতা এই ভাগে এই জোৰ লাগে৷ মই এই পাঁচ বছৰত সমষ্টিৰ কাম-কাজ যিদৰে কৰি আহিছো তাৰ প্ৰতি সমষ্টিবাসী সন্তুষ্ট আৰু সমষ্টিবাসীয়ে পুনৰবাৰ মোকেই বিচাৰে বুলি মই অনুভৱ কৰিছো৷
বিধায়িকাগৰাকীয়ে আজি প্ৰায় ১৭ কোটি টকা ব্যয় সাপেক্ষে বাঘহানা-কাকমাৰী, গোসাঁইবড়ি-জাজৰি, দগাঁও-গান্ধীবৰি, কাকমাৰী-বিষ্ণুপুৰ, নিজ কপাহেৰা-পলশাগুৰি , বাৰপূজীয়া- হেকুতাংবড়িকে ধৰি সাতটা লোকনিৰ্মাণ বিভাগৰ পকীপথৰ আধাৰশিলা স্থাপন কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|