• Home
  • »
  • News
  • »
  • assam
  • »
  • Rajya Sabha Election : ‘থ্ৰী লাইন হুইপ খুব শক্তিশালী, অন্য দলক ভোট দিলেই খাৰিজ হ’ব বিধায়ক পদ’

Rajya Sabha Election : ‘থ্ৰী লাইন হুইপ খুব শক্তিশালী, অন্য দলক ভোট দিলেই খাৰিজ হ’ব বিধায়ক পদ’

আমিনুল ইছলামে লগতে কয় যে উপ–নিৰ্বাচনত শশীকান্ত দাসে বিজেপিৰ টিকট নাপাবও পাৰে আৰু পালেও তেওঁক কংগ্ৰেছ এআইইউডিএফ তথা বিৰোধী দলে মিলি হৰুৱাব।

  • Share this:
৩১ মাৰ্চত অসমত ৰাজ্য সভাৰ দুখন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। দুখন আসনৰ বাবে শাসক–বিৰোধীৰ মাজত আছে তিনিগৰাকী প্ৰাৰ্থী। তিনিওগৰাকীয়ে সোমবাৰে দাখিল কৰিছে নিজৰ নিজৰ মনোনোয়ন পত্ৰ। তাৰ মাজতে অব্যাহত আছে শাসক–বিৰোধীৰ বাকযুদ্ধ। শাসক পক্ষই যদি কৈছে থ্ৰী লাইন হুইপৰ কাম নাই, বিৰোধীয়ে কৈছে থ্ৰী লাইন সাংঘাতিক।

"থ্ৰী লাইন হুইপ অমান্য কৰিলে শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজ হ’ব, কেৱল খাৰিজ হোৱাই নহয় তেও উপ–নিৰ্বাচনৰ বাবে সাজু হ’ব লাগিব" – এই মন্তব্য ধিঙৰ এআইইউডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামৰ।

আমিনুল ইছলামে লগতে কয় যে উপ–নিৰ্বাচনত শশীকান্ত দাসে বিজেপিৰ টিকট নাপাবও পাৰে আৰু পালেও তেওঁক কংগ্ৰেছ এআইইউডিএফ তথা বিৰোধী দলে মিলি হৰুৱাব। মুঠৰ ওপৰত আগন্তুক ৩১ মাৰ্চৰ অসমৰ দুখন আসনৰ ৰাজ্য সভা নিৰ্বাচনক লৈ জমি উঠিছে দিশপুৰৰ ৰাজনীতি। সকলোৱে বাট চাইছে ৩১ মাৰ্চৰ সন্ধিয়াৰ ভোট গণনালৈ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি