• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পিছত সুৰ সলালে বিধায়ক আমিনুল ইছলামে, ক’লে – ‘কিতাপ পঢ়িহে কৈছিলো সেই কথা’

মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পিছত সুৰ সলালে বিধায়ক আমিনুল ইছলামে, ক’লে – ‘কিতাপ পঢ়িহে কৈছিলো সেই কথা’

কথাখিনি কোৱাৰ বাবে যদি জে’ললৈ যাব লাগে যাবলৈ সাজু বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

কথাখিনি কোৱাৰ বাবে যদি জে’ললৈ যাব লাগে যাবলৈ সাজু বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

কথাখিনি কোৱাৰ বাবে যদি জে’ললৈ যাব লাগে যাবলৈ সাজু বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

  • Share this:
মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীৰ পিছত সুৰ সলালে ধিঙৰ বিধায়ক আমিনুল ইছলামে। সংবাদ মাধ্যমৰ আগত আমিনুল ইছলামে কয়, ‘‘কিতাপ পঢ়ি কোৱা কথাৰ বাবে মই কিদৰে জগৰীয়া হ’ম। কিতাপৰ লেখক-প্ৰকাশক আৰু সেই কিতাপ ঘৰত নীৰৱে পঢ়াজন দায়ী নহয়, দায়ী হয় কোৱাজনহে।’’

‘‘অসম সাহিত্য সভাই প্ৰকাশ কৰা ড০ মহেশ্বৰ নেওগৰ কিতাপ পঢ়ি কৈছিলো সেই কথা। মই কিতাপ পঢ়িহে কৈছিলোঁ, গতিকে মই কেনেকৈ ভুল হ'ম, ভুল হ’ব অসম সাহিত্য সভাহে।’’ – ক’লে আমিনুল ইছলামে।

কথাখিনি কোৱাৰ বাবে যদি জে’ললৈ যাব লাগে যাবলৈ সাজু বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। তেওঁৰ মন্তব্যক বিতৰ্কিত কৰা হৈছে বুলিও উল্লেখ কৰে আমিনুল ইছলাম। তেওঁ কয়, ‘এতিয়া বাক স্বাধীনতা নোহোৱা হৈছে অসমত, কথা ক’লেই জগৰ লাগে।’’

উল্লেখযোগ্য যে যোৱা শনিবাৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে অসমৰ আধ্যাত্মিক স্থল,  শক্তিপীঠৰ অন্যতম মা কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেৱে দান কৰা বুলি মন্তব্য  কৰিছিল।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি