তৌফিক ৰহমানৰ প্ৰাৰ্থিত্বই জনিয়াত এআইইউডিএফৰ জয় সহজ কৰি তুলিলে, ক’লে আমিনুল ইছলামে

তৌফিক ৰহমানৰ প্ৰাৰ্থিত্বই জনিয়াত বিজেপিৰ যে আন্তঃগাঁথনি নাই তাকে পুনৰবাৰ প্ৰমাণিত কৰিলে বুলি কয় আমিনুল ইছলামে।

News18-Assam
Updated:September 30, 2019, 12:35 PM IST
তৌফিক ৰহমানৰ প্ৰাৰ্থিত্বই জনিয়াত এআইইউডিএফৰ জয় সহজ কৰি তুলিলে, ক’লে আমিনুল ইছলামে
তৌফিক ৰহমানৰ প্ৰাৰ্থিত্বই জনিয়াত বিজেপিৰ যে আন্তঃগাঁথনি নাই তাকে পুনৰবাৰ প্ৰমাণিত কৰিলে বুলি কয় আমিনুল ইছলামে।
News18-Assam
Updated: September 30, 2019, 12:35 PM IST
বিপুল বৰ্মন : জনিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী তৌফিক ৰহমানৰ আমানতৰ ধন বাজেয়াপ্ত হ’ব। এই দাবী এআইইউডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামৰ। বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰীৰ মালিকানাধীন থিয়েটাৰত অথন্তৰ লগোৱা অভিনেতাগৰাকীয়ে পৰৱৰ্তী সময়ত অগপ কিয় ত্যাগ কৰিছিল বুলি প্ৰশ্ন কৰে ধিঙৰ বিধায়কগৰাকীয়ে। তৌফিক ৰহমানৰ প্ৰাৰ্থিত্বই এআইইউডিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ জয় সহজ কৰি তুলিলে বুলি কয় বিধায়ক আমিনুল ইছলামে। সংখ্যালঘু লোকক লৈ বিভিন্ন সময়ত কটু মন্তব্য কৰা যোৰহাটৰ তৌফিক ৰহমানৰ প্ৰাৰ্থিত্বই জনিয়াত বিজেপিৰ যে আন্তঃগাঁথনি নাই তাকে পুনৰবাৰ প্ৰমাণিত কৰিলে বুলি কয় আমিনুল ইছলামে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি