মুখ্যপৃষ্ঠা »খবৰ »অসম »“বাগেশ্বৰ বাবা পাগল, পাগলৰ দৰে কথা কৈছে”— বিধায়ক আমিনুল ইছলামৰ এই মন্তব্যৰ পিছতে আমিনুলক গ্ৰেপ্তাৰৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ ...

“বাগেশ্বৰ বাবা পাগল, পাগলৰ দৰে কথা কৈছে”— বিধায়ক আমিনুল ইছলামৰ এই মন্তব্যৰ পিছতে আমিনুলক গ্ৰেপ্তাৰৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ ...

“বাগেশ্বৰ বাবা পাগল, পাগলৰ দৰে কথা কৈছে”— আমিনুল ইছলাম । আমিনুলৰ এই মন্তব্যৰ পিছতে গ্ৰেপ্তাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

“বাগেশ্বৰ বাবা পাগল, পাগলৰ দৰে কথা কৈছে”— আমিনুল ইছলাম । আমিনুলৰ এই মন্তব্যৰ পিছতে গ্ৰেপ্তাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

“বাগেশ্বৰ বাবা পাগল, পাগলৰ দৰে কথা কৈছে”— আমিনুল ইছলাম । আমিনুলৰ এই মন্তব্যৰ পিছতে গ্ৰেপ্তাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

  • Share this:
বাগেশ্বৰ বাবাই অসম ভ্ৰমণ কৰি ভাৰত হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিবলৈ বাকী বুলি কৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক 'হিন্দুৰ শ্বেৰ' আখ্যা দিছিল ৷ ইয়াৰ পিছতে এতিয়া গৰম হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি ৷ কংগ্ৰেছ আৰু AIUDFয়ে বাবাক সমালোচনা কৰি মুখ্যমন্ত্ৰীকো কটাক্ষ কৰিছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ-AIUDFৰ বিধায়কক গ্ৰেপ্তাৰৰ দাবী তুলিলে BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

বাগেশ্বৰ বাবাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ ক্ৰমে বুধবাৰে আহিল গুৱাহাটীলৈ ৷ বাবাই পৰিদৰ্শন কৰিলে শক্তিপীঠ কামাখ্যা মন্দিৰ ৷ ইয়াৰ পিছতেই বাবা বাগেশ্বৰে হিন্দু ৰাষ্ট্ৰৰ কথা কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “হিন্দুৰ শ্বেৰ” বুলি ক'লে ৷

হিন্দু ৰাষ্ট্ৰৰ কথা কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাবা বাগেশ্বৰে হিন্দুৰ শ্বেৰ আখ্যা দিয়াত জাঙুৰ খাই উঠিল AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম ৷ আমিনুলৰ দাবী— “বাগেশ্বৰ বাবা পাগল ৷ পাগলৰ দৰে কথা কৈছে ৷”

আমিনুলে লগতে ক'লে—  “মুখ্যমন্ত্ৰী মানুহ, জন্তু নহয় ৷ জন্তুৰ লগত কিয় তুলনা কৰিব?”

ইয়াৰ পিছতে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে বাবা বাগেশ্বৰক সমালোচনা কৰিলে। সমালোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ৷ ৰছিদ মণ্ডলৰ দাবী— “বাগেশ্বৰ বাবাই ঠিকেই কৈছে বাঘ হিংস্ৰ জন্তু ৷ মুখ্যমন্ত্ৰীকো হিন্দু আৰু মুছলমানে ভয় কৰে ৷”

ৰছিদ মণ্ডলে লগতে ক'লে— “লোকসভাৰ নিৰ্বাচন আহি আছে বাবে বাগেশ্বৰ বাবাক হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অসমলৈ মাতিছে ৷”

বাগেশ্বৰ বাবা আৰু মুখ্যমন্ত্ৰীক বিৰোধী কংগ্ৰেছ আৰু AIUDFয়ে আক্ৰমণ কৰাত বহি নাথাকিল BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ ৰূপজ্যোতিয়ে ভাৰত বিৰোধী, অসম বিৰোধী আমিনুল ইছলামক গ্ৰেপ্তাৰৰ দাবী কৰিলে ৷

বাগেশ্বৰ বাবাক অপমান কৰাৰ ফল আমিনুল ইছলাম আৰু ৰছিদ মণ্ডলে পাব বুলি দাবী কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷ লগতে ক'লে- “আমিনুল ইছলাম মুৰ্খ ৷”

ইপিনে বাগেশ্বৰ বাবাই অসমত আশ্ৰম নিৰ্মাণ কৰিব বিচাৰিলে অসম চৰকাৰে তেওঁক মাটি প্ৰদান কৰিব লাগে বুলিও দাবী কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷

শেহতীয়া বাতৰি