কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকাৰ পিছতো তলাতল ঘৰৰ দেৱালয় ভাঙি অবৈধ ভাৱে মানুহ কেনেকৈ যাবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে।
কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকাৰ পিছতো তলাতল ঘৰৰ দেৱালয় ভাঙি অবৈধ ভাৱে মানুহ কেনেকৈ যাবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে।
শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শনিবাৰে পুৱাৰে পৰা সমষ্টিটোৰ ভিন্ন প্ৰান্তলৈ গৈ পৰিস্থিতিৰ বুজ লয় । পুৱা পাঁচ বজাতে বিধায়ক গৰাকীয়ে শিৱসাগৰ চহৰ আৰু সমীপৱৰ্তী এলেকাৰ ঐতিহাসিক স্থান তথা কীৰ্তিচিহ্ন সমূহ পৰিদৰ্শন কৰে। ঐতিহাসিক শিৱসাগৰ বৰ পুখুৰী, শিৱ দৌল, জয়সাগৰ পুখুৰী, জয় দৌল, দেৱী দৌল, ঘনশ্যাম মন্দিৰ আৰু ৰুদ্ৰ সিংহ উদ্যান আদি পৰিদৰ্শন কৰি সমস্যা বুজ লয় ।
অখিল গগৈয়ে দিখৌ নদীৰ ওপৰত থকা বৃটিছ শাসন কালতে নিৰ্মাণ কৰা কঁপিকল যুক্ত দলং খন পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত ঐতিহাসিক স্থান সমূহৰ বেদখল প্ৰত্যক্ষ কৰি উদ্বিগ্ন হৈ পৰে বিধায়ক গৰাকী। ঐতিহাসিক সম্পদ সমূহ জহি-খহি যোৱা বুলি দুখ প্ৰকাশ কৰে তেওঁ। কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকাৰ পিছতো তলাতল ঘৰৰ দেৱালয় ভাঙি অবৈধ ভাৱে মানুহ কেনেকৈ যাবলৈ সক্ষম হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে।
ভৱিষ্যতে ঐতিহাসিক কীৰ্তিচিহ সমূহক লৈ বিধায়ক গৰাকীৰ পৰিকল্পনা সম্পৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰে। ঐতিহাসিক সম্পদ সমূহ সংৰক্ষণত তেওঁ গুৰুত্ব দিব বুলি আশ্বাস দিয়ে।
ইপিনে ইয়াৰ পিছতে অখিল গগৈয়ে চেৰেকাপাৰ, হাঁহচৰা চাউলকৰা ভ্ৰমণ কৰি জনসাধাৰণৰ সমস্যাৰাজিৰ বুজ লয় । বিধ্বস্ত হৈ থকা চাউলকৰাৰ কেইবাটাও পথ প্ৰত্যক্ষ কৰাৰ লগতে যিবিলাক এলেকা পানীত বছৰি ডুব যায় সেই অঞ্চল সমূহ পৰিদৰ্শন কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|