உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi: আপক শুভেচ্ছা অখিল গগৈৰ, আটাইতকৈ ডাঙৰ শত্ৰুক ভেটিবৰ বাবে সময়ত প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ দিলে ইংগিত

    Akhil Gogoi: আপক শুভেচ্ছা অখিল গগৈৰ, আটাইতকৈ ডাঙৰ শত্ৰুক ভেটিবৰ বাবে সময়ত প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ দিলে ইংগিত

    উচ্ছেদ বন্ধ নহ'লে ২৩ মে'ত চচলৰ পৰা দিছপুৰ লাষ্টগেটলৈ প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ অখিল গগৈৰ

    উচ্ছেদ বন্ধ নহ'লে ২৩ মে'ত চচলৰ পৰা দিছপুৰ লাষ্টগেটলৈ প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ অখিল গগৈৰ

    উচ্ছেদ বন্ধ নহ'লে ২৩ মে'ত চচলৰ পৰা দিছপুৰ লাষ্টগেটলৈ প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ অখিল গগৈৰ

    • Share this:
    মাধৱদেৱ প্ৰতিষ্ঠাপিত বৰপেটা সত্ৰত উপস্থিত হয় ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। গগৈয়ে বৰপেটা সত্ৰ নিশ্চিতভাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ যোগ্য বুলি উল্লেখ কৰি অসমৰ সমাজ আৰু চৰকাৰে ঐতিহ্য ক্ষেত্ৰ  কৰাৰ বাবে যিখিনি কাম কৰিব লাগিছিল সেই খিনি কৰিব পৰা নাই বুলি অভিযোগ কৰে।

    তেওঁ সত্ৰত (Barpeta Satra) থকা সাঁচিপাতৰ পুথি আৰু সম্পদসমূহ বিজ্ঞানসম্মতভাবে সংৰক্ষণৰ বাবে আহ্বান জনায়। বৰপেটা সত্ৰত নিৰ্মীয়মাণ মিউজিয়ামটো সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰাৰো আহ্বান জনায় গগৈয়ে।

    আনহাতে, সাম্প্ৰতিক বান পৰিস্থিতিক লৈও অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মৰণপণ যুঁজ দি হ'লেও অসমীয়া ৰাইজে অৰুণাচলৰ সৰু-বৰ সকলো জলবিদ্যুৎ প্ৰকল্প বন্ধৰ বাবে সংগ্ৰাম কৰিব লাগিব বুলি উল্লেখ কৰি অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনক বচাবলৈ এয়া অপৰিহাৰ্য বুলি কয় ৷

    অসমৰ ৰাইজক উত্তৰ কাছাৰৰ পৰা শিক্ষা লোৱাৰ আহ্বান জনায় অখিল গগৈয়ে ৷ বিশেষকৈ লখিমপুৰ, মধ্য অসম আৰু নামনি অসমত বানে সৃষ্টি কৰা প্ৰলয়ৰ পৰা ৰক্ষাৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ সংগ্ৰামত অংশ ল'বলৈ ৰাইজলৈ আহ্বান অখিল গগৈৰ (Akhil Gogoi) ৷

    শিলসাঁকোত চলি থকা উচ্ছেদক লৈও মন্তব্য কৰে অখিল গগৈয়ে। শিলসাঁকোত ৰাজনৈতিক নেতা, পুঁজিপতিসকলক উচ্ছেদ কৰিবলৈ এৰি সাধাৰণ লোককহে উচ্ছেদৰ লক্ষ্য কৰা হৈছে ৷ মুখ্যমন্ত্ৰীক উচ্ছেদ বন্ধৰ বাবে জনোৱা আহ্বানৰ প্ৰতি এতিয়াও সঁহাৰি জনোৱা নাই বুলি মন্তব্য কৰে গগৈয়ে ৷

    ইপিনে  উচ্ছেদ বন্ধ নহ'লে অহা ২৩ মে'ত উচ্ছেদ বন্ধৰ দাবীত চচলৰ পৰা দিছপুৰ লাষ্টগেটলৈ প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ দিয়ে অখিল গগৈয়ে ৷ বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই ৷ সেয়ে তেওঁলোকৰ যি ইচ্ছা তাকেই কৰিবলৈ লৈছে ৷

    ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি মানুহৰ মাজত বিভাজন আনি শাসন কৰিবৰ বাবে সকলো কাম কৰিছে৷ বিজেপি চৰকাৰৰ প্ৰত্যেকটো কামৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণৰ কথাও ঘোষণা কৰে অখিল গগৈয়ে ৷ অখিল গগৈয়ে আজি বৰপেটাত মূল্যবৃদ্ধি সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিজেপি (BJP) গ'ল আৰু চৰকাৰে সমাজখনক সাম্প্ৰদায়িকভাৱে বিভাজিত কৰি সাম্প্ৰদায়িক উন্মাদনা সৃষ্টিৰে মানুহক ভাগ ভাগ কৰি মূল সমস্যাসমূহৰ ক্ষেত্ৰত মাত মাতিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

    ধৰ্মীয় উন্মাদনা সৃষ্টিৰে মূল্যবৃদ্ধিৰ দৰে সমস্যাসমূহৰ ক্ষেত্ৰতো মাত মাতিব নোৱৰা অৱস্থাৰ সৃষ্টি কৰিছে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক ওলাই অহাৰ আহ্বান অখিল গগৈৰ৷ ইপিনে আপৰ উত্থানক লৈও মন্তব্য অখিল গগৈৰ— আপক শুভেচ্ছা জ্ঞাপন অখিল গগৈৰ ৷  সমাজৰ আটাইতকৈ ডাঙৰ শত্ৰুক ভেটিবৰ বাবে সময়ত প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ ইংগিত অখিল গগৈৰ ৷ 
    Published by:Gautam Barman
    First published: