• Home
  • »
  • News
  • »
  • assam
  • »
  • Akhil Gogoi : অৰাজনৈতিক মুহূৰ্তত অখিল গগৈ! গুৱাহাটীৰ পৰা দিল্লীলৈ ভ্ৰমণৰত অৱস্থাত অনুৰাগীৰ সৈতে উঠিলে ছেলফি

Akhil Gogoi : অৰাজনৈতিক মুহূৰ্তত অখিল গগৈ! গুৱাহাটীৰ পৰা দিল্লীলৈ ভ্ৰমণৰত অৱস্থাত অনুৰাগীৰ সৈতে উঠিলে ছেলফি

গগৈক দেখি অনুৰাগী ভিছটাৰাৰ দলটোৱে উঠে ছেলফি আৰু টিছু পেপাৰত তেওঁলৈ লিখে আন্তৰিক বাৰ্তা

গগৈক দেখি অনুৰাগী ভিছটাৰাৰ দলটোৱে উঠে ছেলফি আৰু টিছু পেপাৰত তেওঁলৈ লিখে আন্তৰিক বাৰ্তা

গগৈক দেখি অনুৰাগী ভিছটাৰাৰ দলটোৱে উঠে ছেলফি আৰু টিছু পেপাৰত তেওঁলৈ লিখে আন্তৰিক বাৰ্তা

  • Share this:
শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈৰ অনুৰাগীৰ অভাৱ নহ'ল বিমানতো। বিমানত গগৈক দেখি অভিভূত হৈ পৰা বিমান কৰ্মচাৰীৰ সান্নিধ্যৰ মুহূৰ্তক গগৈয়ে নিজেও বিশেষ ৰূপে অভিহিত কৰে।

বিধায়কগৰাকীয়ে ফেচবুক পোষ্টযোগে জনোৱা অনুসৰি, গুৱাহাটীৰ পৰা দিল্লীলৈ বিমান যাত্ৰা কৰাৰ সময়ত এয়াৰলাইন কোম্পানী ভিছটাৰাৰ বিমান কৰ্মচাৰীসকলৰ আতিথ্যত অতিশয় মুগ্ধ হয় আৰু তেওঁলোকৰ শলাগ লয়। গগৈক (Akhil Gogoi) দেখি অনুৰাগী ভিছটাৰাৰ দলটোৱে উঠে ছেলফি আৰু টিছু পেপাৰত তেওঁলৈ লিখে শুভেচ্ছা বাৰ্তা।



গগৈয়ে ফেচবুক পোষ্টত উল্লেখ কৰে– 'গুৱাহাটীৰ পৰা দিল্লীলৈ বিমান যাত্ৰা সদায়ে সুখকৰ, যদিও আজি বিশেষ আছিল। Vistara দলটোৰ আতিথ্য অতিশয় শলাগনীয় আৰু প্ৰশংসাৰ যোগ্য। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতীয়ে সঁচাকৈয়ে নিজৰ বৃত্তিত ভাল কাম কৰি আছে সেয়া দেখি মই অতি আনন্দিত। ধন্যবাদ শ্বানু, ৰেঞ্চ, কাজল, আৰতি আৰু নিখিলা।'
Published by:Gautam Barman
First published: