শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে অৱশেষত প্ৰৱেশ কৰিলে দিছপুৰৰ বিধায়কৰ আৱাসগৃহত। ২ মে'ত ফলাফল ঘোষণাৰ সময়ত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈয়ে সম্পূৰ্ণ চাৰি মাহৰ পিছত শুকুৰবাৰে আনুষ্ঠানিক ভাৱে প্ৰবেশ কৰে বিধায়কৰ চৰকাৰী আৱাসগৃহত।
শুকুৰবাৰে নতুন দিল্লীৰ পৰা পোনে পোনে আহি অসম বিধানসভা সচিবালয়ে আৱণ্টন দিয়া দক্ষিণ দিশৰ ৫৯ নম্বৰ আৱাসগৃহটোত মাংগলিক ৰীতি নীতি অনুযায়ী পূজা পাতল কৰি প্ৰৱেশ কৰে বিধায়ক অখিল গগৈয়ে।
নিৰ্বাচনত জয়লাভৰ পিছতেই সচিবালয়ে অখিল গগৈক ৫৯ নম্বৰৰ কোৱাৰ্টাৰতো আৱণ্টন দিছিল যদিও সেই আৱাসগৃহটো পূৰ্বৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ বিধায়ক লখিমপুৰৰ উৎপল দত্তই খালী নকৰাত বৰ্তমানৰ বিধায়কগৰাকীৰ প্ৰৱেশত বিলম্ব হ'ল।
নিৰ্বাচনত পৰাজিত হোৱা উৎপল দত্তই খালী কৰাৰ পিছতো আৱাসগৃহটোৰ বহুখিনি মেৰামতি কৰিব লগীয়া হৈছিল। যাৰ বাবে মেৰামতি সম্পূৰ্ণ হোৱাৰ পিছত শুকুৰবাৰে বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলৰ অন্যান্য নেতা সকলৰ সৈতে বিধায়কৰ আৱাসগৃহত প্ৰৱেশ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|