বৃহস্পতিবাৰে অখিল গগৈক চানমাৰি থানাৰ গোচৰতো দোষমুক্ত ঘোষণা NIA আদালতে৷ এই মুহূৰ্তত অখিল গগৈ সকলো গোচৰৰ পৰা মুক্ত।
বৃহস্পতিবাৰে অখিল গগৈক চানমাৰি থানাৰ গোচৰতো দোষমুক্ত ঘোষণা NIA আদালতে৷ এই মুহূৰ্তত অখিল গগৈ সকলো গোচৰৰ পৰা মুক্ত।
দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বাবে অৱশেষত আহিল ভাল খবৰ! বৃহস্পতিবাৰে অখিল গগৈক চানমাৰি থানাৰ গোচৰতো দোষমুক্ত ঘোষণা NIA আদালতে৷ এই মুহূৰ্তত অখিল গগৈ সকলো গোচৰৰ পৰা মুক্ত। আজিয়েই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী।
আদালতৰ পৰা ওলাই অহাৰ পিছত অখিল গগৈয়ে কয় যে, ভাৰতীয় ন্যায় ব্যৱস্থাই তেওঁলোকৰ স্বাধীনতা আৰু স্বতন্ত্ৰতা প্ৰমাণ কৰিলে। এই মূহূৰ্তত ন্যায় ব্যৱস্থাক ধন্যবাদ জনাইছো। এই জয় গণতন্ত্ৰৰ জয়, ৰাইজৰ জয়। এনে ঐতিহাসিক ঘটনা মই জনাত ভাৰতীয় ন্যায় ব্যৱস্থাত পূৰ্বতে কেতিয়াও ঘটা নাই।'
জানিব পৰা মতে, জিএমচিএইচৰ পৰাই মুক্ত হ’ব অখিল গগৈ। কাৰাগাৰ কৰ্তৃপক্ষই মুক্তিৰ নিৰ্দেশ দিলেই মুকলি হ’ব শিৱসাগৰৰ বিধায়কগৰাকী। আজি পুৱাই অখিল গগৈক হাজিৰ কৰোৱা হৈছিল এন আই এৰ আদালতত। ইয়াৰ পূৰ্বে চাবুৱা থানাৰ গোচৰত অভিযোগমুক্ত হৈছিল অখিল গগৈ। NIA আদালতে অভিযোগ মুক্ত কৰিছিল অখিল গগৈসহ আন দুজনক।
আনহাতে মুকলি আকাশলৈ অহাৰ পিছতে কা আন্দোলনৰ শ্বহীদ চেম ষ্টেফৰ্ডৰ ঘৰলৈ যাব অখিল গগৈ। তাৰ পিছতে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় আৰু কৃষক মুক্তিৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ কথা। ইফালে সকলো ঠিকে থাকিলে কাইলৈ নিজ সমষ্টি শিৱসাগৰলৈ যাব বিধায়কগৰাকী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|