உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi : ‘অসমত গণতন্ত্ৰক কবৰ দিয়া হৈছে, আইনক কবৰ দিয়া হৈছে, মুখ্যমন্ত্ৰীৰ কথাই এতিয়া আইন’ : অখিল গগৈ

    Akhil Gogoi : ‘অসমত গণতন্ত্ৰক কবৰ দিয়া হৈছে, আইনক কবৰ দিয়া হৈছে, মুখ্যমন্ত্ৰীৰ কথাই এতিয়া আইন’ : অখিল গগৈ

    Akhil Gogoi

    Akhil Gogoi

    ৰাইজৰ দলৰ প্ৰতিনিধিয়ে কাইলৈ সমগ্ৰ ঘটনাৰ বুজ লৈ এক প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

    • Share this:
    নগাৱঁৰ ঘটনাক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘অসমত এতিয়ালৈকে এনকাউণ্টাৰত ৩১জন মানুহক হত্যা কৰা হ'ল। সৰ্বমুঠ ৮৬জন লোকক এনকাউণ্টাৰ কৰা হ'ল এতিয়ালৈকে অসমত। কালিৰ ঘটনাই চৰকাৰ আৰু অসম পুলিচৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে। আদালতলৈ নোযোৱাকৈ কোনো এজন লোকক চূড়ান্ত অপৰাধীৰূপে গণ্য কৰি হত্যা কৰিব নোৱাৰে কোনেও।’’

    অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত গণতন্ত্ৰ পুলিচতন্ত্ৰত পৰিণত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ আইনৰ শাসনৰ পেটাৰ্ণে হৈছে অভিযুক্তক গুলীয়াই দিয়া। ৰাজ্যৰ বহু এনকাউণ্টাৰে ভুৱা এনকাউণ্টাৰ। আৰু এনকাউণ্টাৰ কৰাৰ পিছত মিছা অভিযোগ দি অভিযুক্তজনক দোষী সজোৱাটো হিমন্ত চৰকাৰৰ শাসনৰ পেটাৰ্ণ। অসমত এতিয়া আৰক্ষীয়ে মন গ'লেই ৰাইজক গুলীয়াই দিব পাৰে। ৰাইজক গুলীয়াই দিলেই পুলিচ হিৰ' হৈ যায়।

    নগাঁৱতেই অসমত সৰ্বাধিক এনকাউণ্টাৰ হৈছে বুলি উল্লেখ কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, ‘‘আনন্দ মিশ্ৰক সকলোৱে হিৰ' সজাবলৈ চেষ্টা কৰি আছিল। কালিৰ ঘটনাই আনন্দ মিশ্ৰৰ মুখা খুলি দিলে। ফেক এনকাউণ্টাৰবিলাক চূড়ান্ত ৰূপত হিটলাৰতন্ত্ৰৰ উদাহৰণ। কালিৰ ঘটনাৰ পিছত এজন নিৰীহ লোকক ড্ৰাগছ পেডলাৰ সজাবলৈ চেষ্টা কৰা হৈছে। সকলো ফেক এনকাউণ্টাৰ বন্ধ হ'ব লাগে। কালিৰ ঘটনাই অসমত শেষ ফেক এনকাউণ্টাৰৰ ঘটনা হওক।’’

    এই হত্যা বন্ধ নহ'লে অসমত গণতন্ত্ৰ নাথাকিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। অসমত আটাইতকৈ বেছি মুছলমান আৰু জনজাতীয় লোকসকলক এনকাউণ্টাৰ কৰা হৈছে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয়, কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰ লগতে সমগ্ৰ ঘটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰা হওক। অসমত গণতন্ত্ৰক কবৰ দিয়া হৈছে, আইনক কবৰ দিয়া হৈছে। অসমত জংঘলৰাজ বন্ধ কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ কথাই অসমত এতিয়া আইনত পৰিণত হৈছে।

    ৰাইজৰ দলৰ প্ৰতিনিধিয়ে কাইলৈ সমগ্ৰ ঘটনাৰ বুজ লৈ এক প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। ভাৰতবৰ্ষৰ আৰু অসমৰ মানৱ অধিকাৰ আয়োগ থকা আৰু নথকা একেই বুলিও কয় তেওঁ। অসমত সৰ্বাধিক ফেক এনকাউণ্টাৰ হোৱাৰ পিছতো মানৱ অধিকাৰ আয়োগে একো কৰিব পৰা নাই বুলি কয় গগৈয়ে।
    Published by:Sanjay Kumar Das
    First published: