உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi | ‘বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ, মুখ্যমন্ত্ৰীৰ নৈতিকতা নাই’ – শশীকান্তৰ ঘৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ

    Akhil Gogoi | ‘বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ, মুখ্যমন্ত্ৰীৰ নৈতিকতা নাই’ – শশীকান্তৰ ঘৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ

    Akhil Gogoi

    Akhil Gogoi

    কংগ্ৰেছ–AIUDF কেনেকুৱা দল বুজিব নোৱাৰি বুলি মন্তব্য কৰি অখিল গগৈয়ে আৰু কয় যে কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে তথাপি ৰখাব পৰা নাই।

    • Share this:
    শশী কান্ত দাসৰ গৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া। অখিল গগৈয়ে কয়, ‘‘সংসদীয়া ৰাজনীতিৰ কাৰণে এয়া গৰ্হিত কাৰ্য। মুকলি বজাৰত বিধায়ক কিনা–বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে। সমস্ত মূল্যবোধক ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা। বিবেকবান মানুহৰ বাবে এয়া লজ্জাজনক। মানুহ–অমানুহৰ মাজত পাৰ্থক্য নাইকীয়া হৈছে।’’

    ‘‘ৰূপজ্যোতি–সুশান্ত বিজেপিত অহা মানে সমষ্টিটো সোণৰ হৈ গ’ল নেকি? ব্যক্তিগত লাভৰ বাবে দল সলনি কৰিছে কংগ্ৰেছ বিধায়কে। শাসক দলৰ নেতাই ব্লেকমেইলিং কৰিব বিচাৰে। বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ নৈতিকতা নাই।’’ – মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ।

    কংগ্ৰেছ–AIUDF কেনেকুৱা দল বুজিব নোৱাৰি বুলি মন্তব্য কৰি অখিল গগৈয়ে আৰু কয় যে কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে তথাপি ৰখাব পৰা নাই। বিৰোধী নেতাসকলে কিয় নিজৰ দল মানুহক ৰখাব পৰা নাই? এনে বিধায়কক জনতাৰ আদালতত বিচাৰ কৰিব লাগে। এনে ৰাজনীতি কোনেও কৰা উচিত নহয়। দেশৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতিৰ বাবে এয়া ভয়ংকৰ। নিলাজ মানুহৰ কোনো সংজ্ঞা নাই। মুখ্যমন্ত্ৰীয়ে দুষ্ট, লাজলগা কাৰ্যৰ পৰা আঁতৰি আহক।
    Published by:Sanjay Kumar Das
    First published: