মূল্যবৃদ্ধিকলৈ সদনত আলোচনা কৰিবলৈ নিদিয়াতো দুৰ্ভাগ্যজনকঃ অখিল গগৈ
মূল্যবৃদ্ধিকলৈ সদনত আলোচনা কৰিবলৈ নিদিয়াতো দুৰ্ভাগ্যজনকঃ অখিল গগৈ
অসম বিধানসভাৰ প্ৰথম দিনাই আক্ৰমণাত্মক ৰূপত দেখা গ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক। মূল্যবৃদ্ধিকলৈ বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল। কিন্তু অধ্যক্ষই অনুমতি নিদিয়াত সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলে। সদন ত্যাগ কৰিয়েই সংবাদ মাধ্যমৰ আগত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে অখিল গগৈয়ে।
অখিল গগৈয়ে কয় যে, 'খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক বিপদত পেলাইছে। কোৰোণা, লকডাউনৰ ফলত উত্পাদন, পুনৰ উত্পাদন, ব্যৱসায়ত প্ৰভাৱ পৰিছে। দেশজুৰি মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে। সেয়েহে আজি সদনত বিৰোধী বিধায়কসকলে সভা স্থগিত প্ৰস্তাব উত্থাপন কৰিছিলো। কিন্তু অধ্যক্ষই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। বৰ্তমান সময়ত মূল্যবৃদ্ধি অসমৰ আটাইতকৈ ডাঙৰ সমস্যা। ইয়াৰ ওপৰতে আলোচনা নহ'লে, সদনত কি বিষয়ৰ ওপৰত আলোচনা হ'ব।'
অখিল গগৈয়ে লগতে কয় যে, 'মুখ্যমন্ত্ৰীয়ে কৈছিল যে, সভা স্থগিত প্ৰস্তাৱ আনিলে চৰকাৰে সন্মানৰ বিষয় বুলি নলয়। পাব্লিক ইম্পৰ্টেন্স থাকিলে, চৰকাৰে আলোচনা কৰিবলৈ উপস্থিত থাকিব। কিন্তু দুৰ্ভাগ্যৰ কথা চৰকাৰে অনুমতি নিদিলে। অধ্যক্ষক কোনো কাৰণত অনুমতি দিব নালাগে বুলি ক'লে। এতিয়া ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছো।'
'আনকি সেই সময়তে অধ্যক্ষই সভা স্থগিত ৰখাৰ ঘোষণা কৰিলে। কিন্তু এতিয়াও চলি আছে সভা। সম্পূৰ্ণ ৰূপে নীতি নিয়মৰ বাহিৰত কাৰ্যসূচী চলি আছে। অসম বিধানসভাত যদি মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়ে, তেনিতে তাতকৈ ডাঙৰ ক'লা অধ্যায় থাকিব নোৱাৰে। মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ আমাক দিব লাগিব। পুনৰ প্ৰশ্ন উত্থাপন কৰা হ'ব। চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব। প্ৰতিবাদ অব্যাহত থাকিব।'-এইদৰে যুক্তি দিয়ে শিৱসাগৰৰ বিধায়কজনে।
অখিল গগৈয়ে লগতে কয় যে, ' মই নীতি নিয়ম ভালদৰে পঢ়ি অধিবেশনলৈ আহিছো। মই কথা কলেই চৰকাৰী পক্ষই হুলস্থূল কৰে। মুখ্যমন্ত্ৰীয়ে কৈছে, মোক দুই মিনিট কথা ক'বলৈ দিব। মই আজি ৭ মিনিট কথা ক'লো। গতিকে প্ৰমাণ হ'ল যে, মুখ্যমন্ত্ৰীৰ কথাই আইন নহয়।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|