মুখ্যপৃষ্ঠা »খবৰ »অসম »MLA Akhil Gogoi : বিধানসভাৰ প্ৰথমটো দিনতে প্ৰতিবাদমুখৰ অখিল গগৈ, মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

MLA Akhil Gogoi : বিধানসভাৰ প্ৰথমটো দিনতে প্ৰতিবাদমুখৰ অখিল গগৈ, মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

হাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তালিকা 

হাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তালিকা 

হাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তালিকা 

  • Share this:

বিধানসভাৰ প্ৰথমটো দিনতে প্ৰতিবাদমুখৰ বিধায়ক অখিল গগৈ। হাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ তালিকা


বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ তালিকা হাতত লৈ প্ৰতিবাদমুখৰ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ মাজে মাজে হাতত তুলি ল'লে এল পি জি চিলিণ্ডাৰৰ দুখনকৈ ফেষ্টুন ৷


বিধায়কগৰাকীয়ে বিধানসভাত প্ৰৱেশৰ প্ৰাকক্ষণত ক'লে, "মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ৰন্ধন গেছৰ দাম আছিল ৪৪৮ টকা ৷ বৰ্তমান এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১১৫২ টকা হ'ল ৷ প্ৰত্যেক সামগ্ৰীতে আকাশলংঘী মূল্যবৃদ্ধি এতিয়া ৷ বিধানসভাত বেলেগ কথা আলোচনা হোৱাৰ সলনি মূল্যবৃদ্ধিহে বিধানসভাৰ ইছ্যু হ'ব লাগে ৷ মূল্যবৃদ্ধি ৰোধৰ উপায় উলিওৱাহে বিধানসভাৰ দায়িত্ব হোৱা উচিত ৷ মোক সৰ্বদলীয় বৈঠকলৈ নিমন্ত্ৰণ নিদিলে ৷ BAC মিটিঙলৈও ৰাইজৰ দলক মতা নহ'ল ৷ আমাৰ দলটো পঞ্জীয়ন হোৱাৰ সত্ত্বেও মোক নামাতিলে ৷ বিৰোধিতা কৰিম বুলি জানিয়েই নামাতে মোক ৷ পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰ ৰাইজে প্ৰতিবাদ কৰা প্ৰয়োজন ৷ পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰে শিৱসাগৰত হ'বলগীয়া নাগৰিক সভালৈ মোৰ সমৰ্থন আছে ৷ ৰাজ্যপালৰ ভাষণ চৰকাৰৰ নীতিৰ বহিঃপ্ৰকাশহে ৷ ৰাজ্যপালৰ ভাষণ শুনি মনে মনে বহি থকা উচিত নহয়৷ ৰড,চিমেণ্ট,মিঠাতেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত৷"


অখিল গগৈয়ে সাংবাদিকৰ হাতত তুলি দিয়া মূল্যবৃদ্ধি হোৱা সামগ্ৰীসমূহৰ তালিকাখনত ৮ মাৰ্চ ২০১৪ আৰু ৮ মাৰ্চ ২০২৩ৰ তুলনা কৰিছে৷ সেই অনুসৰি ২০১৪ত এটা LPG চিলিণ্ডাৰৰ দাম আছিল ৪৪৮ টকা আৰু বৰ্তমানৰ দাম ১১৫২ টকা। ৰড, চিমেণ্ট, ইটা, ঘৰৰ ৰং, শিল, বালিৰ দাম নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকোঁতে কিমান আছিল আৰু বৰ্তমান কিমান হ'ল তাৰ তুলনামূলক তথ্য দিছে বিধায়ক গগৈয়ে ৷ মিঠাতেলৰ তেতিয়া দাম আছিল লিটাৰত ৯০ৰ পৰা ১০০ টকা আৰু বৰ্তমান ২০০-২২০ টকা। চুজি, চাউল, শিশুখাদ্য, ঔষধ, শাক-পাচলি,মাছ-মাংস সকলোতে যে আকাশলংঘী হৈছে মূল্য তাৰো তথ্য দি চৰকাৰক কঠোৰ সমালোচনা শিৱসাগৰৰ বিধায়কগৰাকীৰ।

শেহতীয়া বাতৰি