• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিয়ে লাজ পাইছে নে নাই নাজানো, এতিয়া সৰিয়হৰ ডুলিতে ভুত ওলাইছে : অখিল গগৈ

বিজেপিয়ে লাজ পাইছে নে নাই নাজানো, এতিয়া সৰিয়হৰ ডুলিতে ভুত ওলাইছে : অখিল গগৈ

শিৱসাগৰৰ বিধায়কজনে কয়, ‘‘ভিক্টৰ দাসে কি কৈছিল? ভিক্টৰ দাসে কৈছিল – নামঘৰত কোন আছ? লগে লগে বিজেপিয়ে হাল্লা–হুলস্থুল কৰি ক’লে যে আমি কল খোৱা নাই।

  • Share this:
বিজেপি চৰকাৰে নিযুক্তি কেলেংকাৰীৰ বিষয়টো কোনোপধ্যে বাহিৰলৈ ওলোৱাটো বিচৰা নাই – এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে কয়, ভিক্টৰ দাসে কৈছে নামঘৰত কোন, বিজেপিয়ে কৈছে আমি কল খোৱা নাই। ভৱেশ কলিতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিৱসাগৰৰ বিধায়কজনে।

শিৱসাগৰৰ বিধায়কজনে কয়, ‘‘ভিক্টৰ দাসে কি কৈছিল? ভিক্টৰ দাসে কৈছিল – নামঘৰত কোন আছ? লগে লগে বিজেপিয়ে হাল্লা–হুলস্থুল কৰি ক’লে যে আমি কল খোৱা নাই। সঁচাই যদি ভিক্টৰ দাসে মিছা অভিযোগ উত্থাপন কৰিছিল, তেতিয়াহ’লে মিছা অভিযোগটোৰ ওপৰত গোচৰ দিব লাগিছিল। কিন্তু গোচৰ দিলে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ। এই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখনে নিযুক্তি কেলেংকাৰীৰ বিষয়টো কোনোপধ্যে বাহিৰলৈ ওলোৱাটো বিচৰা নাই।’’

ভৱেশ কলিতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ অখিল গগৈয়ে কয় – ‘‘দলৰ সভাপতিৰ বিৰুদ্ধে তেওঁৰ নিজৰ সমষ্টিৰ এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ বিধায়কজনে পইচা বিচাৰিছে। এই গোটেই ঘটনাটোত শূন্য সহনশীল মন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিব লাগিছিল নে নাই? সভাপতি হিচাপে তেওঁ সভাপতি হিচাপে পদত্যাগ কৰাটো উচিত আছিল নে নাই? বিজেপিয়ে লাজ পাইছে নে নাই নাজানো। এতিয়া যে সৰিয়হৰ ডুলিতে ভুত ওলাইছে, এই কথাটোৱে বিজেপিৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি