உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাইজৰ দলৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ কাষত অখিল গগৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে ধন্যবাদ

    ৰাইজৰ দলৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ কাষত অখিল গগৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে ধন্যবাদ

    শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰংঘৰৰ সৌন্দৰ্যবৃদ্ধিৰ বাবে লৈছে বিশেষ আঁচনি। তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অখিল গগৈয়ে।

    শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰংঘৰৰ সৌন্দৰ্যবৃদ্ধিৰ বাবে লৈছে বিশেষ আঁচনি। তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অখিল গগৈয়ে।

    শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰংঘৰৰ সৌন্দৰ্যবৃদ্ধিৰ বাবে লৈছে বিশেষ আঁচনি। তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অখিল গগৈয়ে।

    • Share this:
    আজি শিৱসাগৰত অখিল গগৈয়ে সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সাক্ষাতৰ সময়ত অখিল গগৈৰ লগতে উপস্থিত থাকে ৰাইজৰ দলৰ কেইবাজনো বিষয়ববীয়া। আনকি শিৱসাগৰ সমষ্টিৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইখনমান আঁচনিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদো জনাই শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।

    শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰংঘৰৰ সৌন্দৰ্যবৃদ্ধিৰ বাবে লৈছে বিশেষ আঁচনি। তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অখিল গগৈয়ে। 'ৰংঘৰৰ সমীপত থকা ৭৮ বিঘা মাটি অধিগ্ৰহণ কৰা হ'ব। ইয়াৰ বাবে ৰাইজক উচিত ক্ষতিপূৰণো দিয়া হ'ব। ইয়াৰ বাবে ইতিমধ্যে ২৫ৰ পৰা ৩০ কোটি টকা অবণ্টন দিয়া হৈছে। এই ঠাইত শিশুৰ পার্কৰ লগতে সৰু সৰু প্ৰেক্ষাগৃহ হব।তিনি চাৰি বছৰৰ ভিতৰত কাম সপন্ন হোৱাৰ আশা কৰা হৈছে। কেৱল ইমানেই নহয় শিৱসাগৰৰ পানী সমস্যা সমাধান কৰা হ'ব। এই বিত্তীয় বৰ্ষত মেডিকেল কলেজৰ কাম হ'ব।অখিল গগৈয়ে জনোৱা মতে, চি আই ডি এফ পুঁজিৰ জৰিয়তে যমুনা উন্নয়নৰ কাম হ'ব।থাওৰা আৰু শিৱসাগৰৰ মাজত হ'ব মেডিকেল কলেজ হ'ব।

    উল্লেখ্য যে, শিৱসাগৰত আজি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সম্বোধন কৰোতে মুখ্যমন্ত্ৰী বাওদিশে আছিল অখিল গগৈ। মুখ্যমন্ত্ৰীৰ কথাত মূৰ দুপিয়াই সন্মতি জনাইছিল বিধায়কগৰাকীয়ে৷ আনহাতে মুখ্যমন্ত্ৰীৰ সোদিশে আছিল মন্ত্ৰী ডা° ৰণোজ পেগু।
    Published by:Himangshu Bhuyan
    First published: