• Home
  • »
  • News
  • »
  • assam
  • »
  • হঠাৎ কইনাধৰাত মুখ্যমন্ত্ৰী আৰু অখিল গগৈ, এঘণ্টীয়া আলোচনাত কি কি কথা পাতিলে শিৱসাগৰৰ বিধায়কে?

হঠাৎ কইনাধৰাত মুখ্যমন্ত্ৰী আৰু অখিল গগৈ, এঘণ্টীয়া আলোচনাত কি কি কথা পাতিলে শিৱসাগৰৰ বিধায়কে?

জাতীয় সংগঠনৰ বাবেই 'কা' আন্দোলন ৰাজপথৰ পৰা খেলপথাৰ পাইছিল বুলি কয় অখিল গগৈয়ে।

জাতীয় সংগঠনৰ বাবেই 'কা' আন্দোলন ৰাজপথৰ পৰা খেলপথাৰ পাইছিল বুলি কয় অখিল গগৈয়ে।

জাতীয় সংগঠনৰ বাবেই 'কা' আন্দোলন ৰাজপথৰ পৰা খেলপথাৰ পাইছিল বুলি কয় অখিল গগৈয়ে।

  • Share this:

দেওবাৰে সন্ধিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। গুৱাহাটীৰ কইনাধৰাত দুয়োজন নেতাৰ মাজত অনুষ্ঠিত আলোচনাত প্ৰধানকৈ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কথাই স্থান পাইছিল। মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছত সাংবাদিকৰে হোৱা আলোচনাত অখিল গগৈয়ে পুনৰ 'কা' আন্দোলনৰ পোষকতা কৰে।


'কা' আইনত প্ৰণয়ন হ'লে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমলৈ আহিব বুলি পুনৰবাৰ উল্লেখ কৰে অখিল গগৈয়ে। 'কা' আন্দোলন বন্ধ হোৱাৰ মূল কাৰণ দুটা বুলি কয় বিধায়কজনে। জাতীয় সংগঠনৰ বাবেই 'কা' আন্দোলন ৰাজপথৰ পৰা খেলপথাৰ পাইছিল বুলি কয় অখিল গগৈয়ে।


" মই জে'লত থকাৰ সময়তে জাতীয় সংগঠনৰ নেতৃত্বই আপোচ কৰিলে চাগে, ইমান ডাঙৰ আন্দোলন এটাৰ দায়িত্ব ল'ব নোৱাৰিলে জাতীয় সংগঠনৰ নেতাই" –এই অভিযোগ বিধায়ক অখিল গগৈৰ।


''এইবাৰ অখিলে নহয়, অসমৰ ৰাইজে ল'ব 'কা' আন্দোলনৰ নেতৃত্ব'' বুলি কয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত শিৱসাগৰৰ উন্নয়নৰ বাবে ৪খন স্মাৰক পত্ৰ প্ৰদান কৰিছে শিৱসাগৰৰ জনপ্ৰতিনিধিজনে।


শিৱসাগৰৰ মেডিকেল কলেজ, বিশ্বৰ ঐতিহ্য স্থান,পুৰাতাত্ত্বিক সমলৰ উন্নয়ন, বিদ্যালয়ৰ উন্নয়ন শিক্ষক নিযুক্তি, ৰাস্তা–ঘাট, শিৱদৌলৰ উন্নয়ন, ৰংঘৰ উন্নয়ন বিচাৰি আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল বিধায়ক অখিল গগৈয়ে।


থাওৰাৰ নিৰ্বাচনৰ সময়ত তাত মেডিকেল কলেজ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে হঠাৎ ঘোষণা কৰি দিছিল। এইখন অন্য এখন হ'ব নে শিৱসাগৰ মেডিকেলখনকে তালৈ নিয়া হ'ব সেই বিষয়ে মুখ্যমন্ত্ৰীক সুধিছিল অখিল গগৈয়ে। সেই বিষয়ত অৱশ্যে কোনো স্পষ্ট উত্তৰ নাপালোঁ বুলি সংবাদ মাধ্যমক কয় অখিল গগৈয়ে।


ইফালে দুবছৰৰ ভিতৰত শিৱসাগৰ কলেজ বিশ্ববিদ্যালয়কৰণ প্ৰক্ৰিয়া  সম্পূৰ্ণ হৈ উঠিব বুলি কয় গগৈয়ে।শিৱসাগৰৰ প্ৰস্তাৱিত টাই মিউজিয়ামৰ বাবে অতি শীঘ্ৰে টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। স্বাস্হ্য বিভাগৰ সমস্যাসমূহ সমাধানৰ বাবে অতিশীঘ্ৰে বিষয়াসকলক বৈঠকত বহিবলৈ নিৰ্দেশ দিছে। বিধায়কৰ সহৃদ আঁচনিৰ ধনক লৈও মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে অখিল গগৈয়ে।


কৰ্কট ৰোগী আৰু ছাত্ৰ- ছাত্ৰীসকলক দিব লগা ধনৰ বাবে বহু দিনৰ আগতে ৰণোজ পেগুক স্মাৰক পত্ৰ দিছিল অখিল গগৈয়ে কিন্তু সেই বিষয়ত গুৰুত্ব দিয়া নাছিল মন্ত্ৰীগৰাকীয়ে। আজি মুখ্যমন্ত্ৰীয়ে এই কাম অতি সোনকালে কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰীগৰাকীক। শিৱসাগৰৰ ৰাস্তা–ঘাটসমূহ ভাল কৰি দিবৰ বাবে নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক। ৫ বছৰৰ ভিতৰত অখিলে বিচৰা শিৱসাগৰৰ সকলো কাম কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীক প্ৰতিশ্ৰুতি দিয়ে।

Published by:Gautam Barman
First published: