உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi | ‘দিনৰ পোহৰতে কেনেকৈ দুষ্কৃতিকাৰীয়ে থানা জ্বলাব পাৰিলে?’ – বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ, পীযূষ হাজৰিকাক মোগলৰ মানুহ আখ্যা

    Akhil Gogoi | ‘দিনৰ পোহৰতে কেনেকৈ দুষ্কৃতিকাৰীয়ে থানা জ্বলাব পাৰিলে?’ – বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ, পীযূষ হাজৰিকাক মোগলৰ মানুহ আখ্যা

    বিজেপি চৰকাৰে য’তে ত’তে মৌলবাদ জেহাদী দেখি থাকে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এতিয়া দুটা মৌলবাদ চলি আছে, মুছলিম মৌলবাদ আৰু হিন্দু মৌলবাদ। 

    • Share this:
    পীযূষ হাজৰিকাই নিজে স্বীকাৰ কৰিছে ৰাজ্যত এতিয়া আইন শৃংখলা নাই। নিজৰ মন্ত্ৰীগৰাকীয়ে কোৱা এই মন্তব্যৰ প্ৰতি লক্ষ্য কৰিয়ে গৃহমন্ত্ৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। বটদ্ৰৱা কাণ্ডক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে ক’লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

    ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, ‘‘কেনেকৈ দিনৰ পোহৰতে দুষ্কৃতিকাৰীয়ে থানা জ্বলাব পাৰিলে৷ থানা জ্বলোৱাৰ সময়ত কিয় আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ, লাঠি চাৰ্জ নকৰিলে? সংবাদ মাধ্যমেও এটা অংশ প্ৰকাশ কৰি বদনামী কৰা চেষ্টা কৰে।’’

    বিজেপি চৰকাৰে য’তে ত’তে মৌলবাদ জেহাদী দেখি থাকে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এতিয়া দুটা মৌলবাদ চলি আছে, মুছলিম মৌলবাদ আৰু হিন্দু মৌলবাদ। এ আই ডি এফৰ নেতৃত্বত মুছলিম মৌলবাদ আৰু আৰ এছ এছৰ বিজেপিৰ নেতৃত্বত হিন্দু মৌলবাদ চলি আছে, দুয়োটাই ধ্বংসাত্মক।

    যদি জেহাদী জড়িত আছে তেনে অন কেমেৰা মাৰি পেলাব লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে। তেওঁ কয়, ‘‘মই লাচিত বৰফুকনৰ মানুহ, হিমন্ত বিশ্ব শৰ্মা আৰু পীযূষ হাজৰিকা লাচিতে কাটি পেলোৱা মোমাই বংশৰ মানুহ। পীযূষ হাজৰিকা দেশ ধ্বংস কৰা মোগলৰ মানুহ।’’
    Published by:Sanjay Kumar Das
    First published: