এতিয়াও অন্ত পৰা নাই অসম-মিজোৰাম সীমান্ত সমস্যাৰ (Assam-Mizoram border dispute)। হাইলাকান্দি জিলাত এতিয়াও অব্যাহত আছে প্ৰতিবেশী ৰাজ্য মিজোৰামৰ আগ্ৰাসন। হাইলাকান্দি আৰক্ষী, জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে চলোৱা হাজাৰ চেষ্টাৰ পিছতো ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম। মাত্ৰ কেইটামান দিনৰ বিৰতিৰ অন্তত আজি পুনৰ অসমৰ ভূমিত মিজোৰামে পথ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে।
হাইলাকান্দি জিলাৰ কূকিছেড়া ফৰেষ্ট ৰেঞ্জৰ অধীনৰ বাংলাভাষা হাতীছেড়া এলেকাত জে চি বি এক্সকেভেটৰ লগাই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে মিজোৰামে। হাইলাকান্দি বন বিভাগে ড্ৰ'নৰ সহায়ত সীমান্ত নিৰীক্ষণ কৰাৰ পিছতে পোহৰলৈ আহে এই তথ্য। মিজোৰামৰ ভূচং এলেকাৰ পৰা হাইলাকান্দিৰ হাতীছেড়ালৈকে নিৰ্মাণ কৰা হৈছে এই পথ।
ইপিনে, হাইলাকান্দি (Hailakandi)ৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জানিবলৈ দিয়া তথ্য অনুসৰি, মিজোৰামৰ একাংশ কৃষকে এই পথটো নিৰ্মাণ কৰিছে। পথ নিৰ্মাণৰ তথ্য পোহৰলৈ অহাৰ পিছতে হাইলাকান্দি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে মিজোৰামৰ কলাশিৱ জিলা প্ৰশাসনৰ লগতে এই বিষয়ত যোগাযোগ স্থাপন কৰিলে তেওঁলোকৰ প্ৰচেষ্টাত এই নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়া হয়। বৰ্তমানে সীমান্তৰ এই এলেকাৰ অসম আৰক্ষী মোতায়েন কৰা হৈছে। আৰু এতিয়া নিৰ্মাণ কাৰ্য বন্ধ আছে বুলিও দাবী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।
আনহাতে, কালি দেওবাৰ থকাৰ বাবে পথৰ নিৰ্মাণকাৰ্য বন্ধ ৰাখি আজি আকৌ আৰম্ভ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। তেওঁৰ মন্তব্য, অসম চৰকাৰে (Assam Govt.) ৰিজাৰ্ভ ফৰেষ্টৰ দোহাই দি এই অঞ্চলসমূহত উন্নয়নমূলক কাৰ্য বন্ধ ৰাখিছে, কিন্তু বিপৰীতে মিজোৰামে এই অঞ্চলসমূহ তেওঁলোকৰ পট্টা এলেকা দেখুৱাই বিভিন্ন নিৰ্মাণকাৰ্য চলাই আছে বুলিও ক্ষোভ প্ৰকাশ কৰে বিধায়ক সুজাম উদ্দিন লস্কৰে।
উল্লেখ্য, ইয়াৰ আগতে হাইলাকান্দি জিলাৰ কচুৰথল, গুটগুটি, গল্লাছেড়া আৰু বিলাইপুৰ অঞ্চলত মিজোৰামে আগ্ৰাসন চলোৱাৰ তথ্য আহিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|