• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Mizoram Border Conflict : মিজোৰামৰ সাংসদৰ মন্তব্যই জ্ৱলা জুইত ঢালিছে ঘিউ, সোধাপোছাৰ বাবে দিল্লীলৈ ৰাওনা অসম আৰক্ষীৰ দল।

Assam-Mizoram Border Conflict : মিজোৰামৰ সাংসদৰ মন্তব্যই জ্ৱলা জুইত ঢালিছে ঘিউ, সোধাপোছাৰ বাবে দিল্লীলৈ ৰাওনা অসম আৰক্ষীৰ দল।

K Vanlalvena, MP, Mizoram

K Vanlalvena, MP, Mizoram

ইতিমধ্যে মিজোৰামৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত ধলাই থানাত গোচৰ ৰুজু কৰা হৈছে ৷ ভাৰতীয় দণ্ডবিধিৰ 120B, 447, 336, 379, 333, 307, 302ত গোচৰ ৰুজু কৰা হৈছে ৷ অস্ত্ৰ আইন 25(1-A)ৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে। 

  • Share this:
অসম-মিজোৰাম সীমান্তত গুলীচালনাৰ ঘটনাই পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ সময়তে ৰাজধানী দিল্লীতে বিতৰ্কিত মন্তব্য কৰি পুনৰ উত্তেজনা বৃদ্ধিৰ যেন চক্ৰান্ত কৰিছে মিজোৰামৰ এজন সাংসদে।  নিউজ এজেন্সী ANIক দিয়া এক সাক্ষাতকাৰত মিজোৰামৰ সাংসদ কে ভনলালভেনা (K Vanlalvena)ই এইদৰে কয়-

"আমি তেওঁলোক (অসম আৰক্ষী)ক তাত গুলীয়াইছিলোঁ, যেতিয়াই তেওঁলোকে আমাৰ ডিউটী পোষ্ট অতিক্ৰম কৰিব আমি তেওঁলোকক গুলীয়াম, তেওঁলোক সৌভাগ্যৱান যে আমি সকলোকে হত্যা নকৰিলোঁ, যদি তেওঁলোক আকৌ আহে আমি আটাইবোৰকে হত্যা কৰিম।"

সাংসদ কে ভনলালভেনাৰ এই মন্তব্যৰ পিছতে তেওঁৰ এই মন্তব্য ভাইৰেল হৈ পৰে। সাংসদগৰাকীৰ এই মন্তব্যৰ পিছতে অসম আৰক্ষীৰ ওপৰত গুলীচালনাৰ  ঘটনাক লৈ সাংসদগৰাকীক সোধা-পোছাৰ বাবে অসম আৰক্ষীৰ CIDৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে।



CIDৰ দলটোৱে এই আক্ৰমণৰ ঘটনাৰ আঁৰৰ ষড়য়ন্ত্ৰত সাংসদগৰাকী কেনেবাকৈ জড়িত থাকিব পাৰে নেকি তাৰ অনুসন্ধান কৰিব।

ইতিমধ্যে মিজোৰামৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত ধলাই থানাত গোচৰ ৰুজু কৰা হৈছে ৷ ভাৰতীয় দণ্ডবিধিৰ 120B, 447, 336, 379, 333, 307, 302ত গোচৰ ৰুজু কৰা হৈছে ৷ অস্ত্ৰ আইন 25(1-A)ৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে।
Published by:Manjumoni Borah
First published: