মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Conflict : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে FIR মিজোৰামৰ, মুখ্যমন্ত্ৰীৰ লগতে ৪ আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ।

Assam-Mizoram Border Conflict : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে FIR মিজোৰামৰ, মুখ্যমন্ত্ৰীৰ লগতে ৪ আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ।

News18 Assam | News18-Assam
Updated:July 31, 2021, 10:07 AM IST
Assam-Mizoram Border Conflict : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে FIR মিজোৰামৰ, মুখ্যমন্ত্ৰীৰ লগতে ৪ আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ৰিমিনেল কেছ ৰুজু কৰিছে। মুখ্যমন্ত্ৰীৰ লগতে অসমৰ ৪ গৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু ২ গৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ৰিমিনেল কেছ ৰুজু কৰিছে। মুখ্যমন্ত্ৰীৰ লগতে অসমৰ ৪ গৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু ২ গৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে।

  • Share this:
লাইলাপুৰ কাণ্ড (Lailapur Incident)ক লৈ অসমে মিজোৰামৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে মিজোৰামেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। মিজোৰাম আৰক্ষীয়ে (Mizoram Police) কোলাছিব (Kolashib) জিলাৰ ভেইৰেংটে (Vairengte)ৰ অসম-মিজোৰাম সীমান্তত অসমে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ৰিমিনেল কেছ (Criminal Case) ৰুজু কৰিছে। মুখ্যমন্ত্ৰীৰ লগতে অসমৰ ৪ গৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু ২ গৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে। মিজোৰাম আৰক্ষীৰ মহাপৰিদৰ্শক জন এনে জনোৱা মতে হত্যাৰ চেষ্টা আৰু অন্য অপৰাধমূলক ধাৰাৰ লগতে আন কেইবাটাও ধাৰাত এই গোচৰ ৰুজু কৰা হৈছে।

সোমবাৰে নিশাই অসমৰ বিৰুদ্ধে ভেইৰেংটে থানাত প্ৰাৰম্ভিক ৰিপোৰ্ট দাখিল কৰা হৈছিল । এই গোচৰত আন ২০০ গৰাকী অন্য লোকৰ বিৰুদ্ধেও গোচৰ তৰা হৈছে বুলি জনায় মিজোৰাম আৰক্ষীৰ বিষয়াজনে।

উল্লেখ্য সোমবাৰে (২৬ জুলাই) মিজোৰামৰ ফালৰ পৰা হোৱা নিৰ্বিচাৰ গুলীবৰ্ষণত অসমৰ ৬ জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিক নিহত হৈছিল আৰু ৪২ জন জোৱান আৰু কেইবাজনো নাগৰিক আহত হৈছিল। এই ঘটনাৰ পিছতে অসমে মিজোৰামৰ কোলাছিব জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত আৰু আন ৬গৰাকী বিষয়াক ২ আগষ্টৰ ভিতৰত অসমৰ ধলাই থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল। ২৮ জুলাইতে অসমে জাৰি কৰিছিল এই চমন। ইয়াৰ পিছতে মিজোৰামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

উল্লেখ্য যে মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰিছে অসমে।
Published by: Manjumoni Borah
First published: July 31, 2021, 10:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি