মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম, হাইলাকান্দি সীমান্তত পুনৰ মিজো লোকে নিৰ্মাণ কৰিছে পথ

ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম, হাইলাকান্দি সীমান্তত পুনৰ মিজো লোকে নিৰ্মাণ কৰিছে পথ

News18 Assam | News18-Assam
Updated:July 25, 2021, 4:49 PM IST
ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম, হাইলাকান্দি সীমান্তত পুনৰ মিজো লোকে নিৰ্মাণ কৰিছে পথ
হাইলাকান্দি জিলাৰ ধলছেড়া ফৰেষ্ট ভিলেজত জে চি বি, এক্সকেভেটৰ লগাই পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে মিজোৰামে।

হাইলাকান্দি জিলাৰ ধলছেড়া ফৰেষ্ট ভিলেজত জে চি বি, এক্সকেভেটৰ লগাই পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে মিজোৰামে।

  • Share this:
হাইলাকান্দি আৰক্ষী, জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে চলোৱা হাজাৰ চেষ্টাৰ পিছতো ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম। অসম-মিজোৰাম আন্তঃৰাজ্য সীমান্ত সমস্যাৰ অন্ত পেলোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চলোৱ‍ প্ৰচেষ্টাও বিফল হোৱাৰ দিশে। কিয়নো কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাত চলা বৈঠকৰ পিছতো আগ্ৰাসন অব্যাহত ৰাখিছে মিজোৰামে।

আজি পুনৰ অসমৰ ভূমিত মিজোৰামে পথ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে। হাইলাকান্দি জিলাৰ ধলছেড়া ফৰেষ্ট ভিলেজত জে চি বি, এক্সকেভেটৰ লগাই পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে মিজোৰামে। ইয়াৰ আগতে হাইলাকান্দি জিলাৰ কচুৰথল, গুটগুটি, গল্লাছেড়া আৰু বিলাইপুৰ অঞ্চলত আগ্ৰাসন চলোৱাৰ তথ্য পোহৰলৈ আহিছিল। আৰু এতিয়া নতুনকৈ ধলছেড়া ফৰেষ্ট ভিলেজত আগ্ৰাসন চলাইছে মিজোৰামে। লগতে ফাইছেনলৈ যোৱাৰ পথ নিৰ্দেশনা প্ৰদান কৰা এখন মাইল ফলকও স্থাপন কৰিছে মিজোসকলে।

ধলছেড়া ফৰেষ্ট ভিলেজ এলেকাৰ প্ৰায় ১০ কিলোমিটাৰ ভূমিত মিজো লোকে মিজোৰামৰ ফাইছেনৰ লগত সংযুক্ত কাৰি এটা পথ নিৰ্মাণ কৰি আছে। মিজোৰামৰ বাইৰেনটিৰ পৰা অসমৰ হাইলাকান্দি জিলাৰ ধলছেড়া ফৰেষ্ট ভিলেজ হৈ মিজোৰামৰ ফাইছেনৰ লগত সংযুক্ত কৰি আছে এই পথটো। বৰ্তমানেও এই পথতো জেচিবি লগাই নিৰ্মাণ কাৰ্য চলাই আছে মিজো লোকে। কিন্তু অসম আৰক্ষী তথা হাইলাকান্দি প্ৰশাসনৰ ফালৰ পৰা কোনো বিষয়া এতিয়ালৈকে উপস্থিত হোৱা নাই এই অঞ্চলত।

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মিজোৰামে এইসমূহ অঞ্চল দখলৰ চেষ্টা চলাই আছে। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত সীমান্তৰ কচুৰথলত এনে নিৰ্মাণ কাৰ্যত অসম আৰক্ষীয়ে বাধা দিয়াৰ ফলতে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ। পিছত ২৭ মাৰ্চ ২০১৮ত মিজোৰাম সীমান্ত পৰিদৰ্শন কৰিবলৈ উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণায়লৰ উত্তৰ-পূৰ্ব শাখাৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ নেতৃত্বত এটা তিনিজনীয়া দল। দলটোৱে দুই ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ৰ বৈঠকত মিলিত হৈও উলিয়াব পৰা নাছিল কোনো সমাধান সূত্ৰ।

ইয়াৰ পিছতো যোৱা দুবছৰত মিজোৰামে সীমান্তত আগ্ৰাসন চলোৱাৰ লগতে বহু বাৰ বহু সীমান্তৱৰ্তী গাঁও আৰু বাসগৃহত অগ্নিসংযোগো কৰিছিল। আৰু এই বছৰৰ ৩ জুনৰ পৰা পুনৰ হাইলাকান্দি জিলাৰ বিভিন্ন স্থানত আগ্ৰাসন আৰম্ভ কৰিছে মিজোৰামে।
Published by: Sanjay Kumar Das
First published: July 25, 2021, 4:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি