আকৌ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম–মিজোৰাম সীমান্ত। পুনৰ অসমৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলালে মিজোৰামে। হাইলাকান্দি জিলাৰ ধলছেড়া বিলাইপুৰ এলেকাৰ চুনিলাল টিলাত আগ্ৰাসনৰ চেষ্টা চলায় মিজো দুষ্কৃতিকাৰীয়ে।
এই এলেকাটোত চলি থকা পথ নিৰ্মাণৰ কামত বাধা প্ৰদানৰ চেষ্টা কৰে মিজোৰামৰ নাগৰিকে। স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, আগ্ৰাসনকাৰী মিজোক ৰুধিবলৈ গুলীচালনা কৰিব লগা হয় অসম আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।
বৰ্তমান এই এলেকাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য, যোৱা ১৩ আগষ্টৰ নিশা হাইলাকান্দিৰ এক চৰকাৰী বিদ্যালয়ত গ্ৰেনেড নিক্ষেপ কৰিছিল মিজো দুৰ্বৃত্তই। ফলত বিস্তৰ ক্ষতি হৈছিল বিদ্যালয়খনৰ।
২৬ জুলাইত লাইলাপুৰত ৬গৰাকী অসম আৰক্ষীৰ জোৱানক হত্যা কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুয়ো ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও এতিয়াও অশান্ত হৈয়ে আছে সীমান্তৰ পৰিৱেশ। ইপিনে, এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সীমা সমস্যাৰ দ্ৰুত সমাধান কৰিবলৈ আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা শাখাৰ সম্পাদক কবিৰ উদ্দিন লস্কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|