உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Mizoram Border : অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা। আগ্ৰাসী মিজোৱে অসমৰ ভূমিত নিৰ্মাণ কৰিছে অতিথিশালা।

    Assam-Mizoram Border : অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা। আগ্ৰাসী মিজোৱে অসমৰ ভূমিত নিৰ্মাণ কৰিছে অতিথিশালা।

    প্ৰথমে কচুৰথল, পাছত ঝালনাছেড়া আৰু এতিয়া গুটগুটি গাঁৱত আগ্ৰাসন মিজোৰামৰ। গুটগুটি গাঁৱত মিজো নাগৰিকে নিৰ্মাণ কৰিছে অতিথিশালা।

    প্ৰথমে কচুৰথল, পাছত ঝালনাছেড়া আৰু এতিয়া গুটগুটি গাঁৱত আগ্ৰাসন মিজোৰামৰ। গুটগুটি গাঁৱত মিজো নাগৰিকে নিৰ্মাণ কৰিছে অতিথিশালা।

    প্ৰথমে কচুৰথল, পাছত ঝালনাছেড়া আৰু এতিয়া গুটগুটি গাঁৱত আগ্ৰাসন মিজোৰামৰ। গুটগুটি গাঁৱত মিজো নাগৰিকে নিৰ্মাণ কৰিছে অতিথিশালা।

    • Share this:
    পুনৰ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমান্ত । পুনৰ মিজোৰামে দখলৰ চেষ্টা চলালে অসমৰ ভূমিত । প্ৰথমে কচুৰথল, তাৰ পাছত ঝালনাছেড়া আৰু এতিয়া গুটগুটি গাঁৱত আগ্ৰাসন চলাইছে মিজোৰামে ।

    গুটগুটি গাঁৱত মিজো নাগৰিকে নিৰ্মাণ কৰিছে অতিথিশালা। আন্তঃৰাজ্যিক সীমান্তৰ প্ৰায় চাৰি কিলোমিটাৰ ভিতৰত অসমৰ ভূমিত মিজো নাগৰিকে নিৰ্মাণ কৰিছে এই অতিথিশালা। এই ঘটনাক লৈ বৃহস্পতিবাৰৰ পৰা সীমান্ত এলেকাত আৰম্ভ হৈছে তীব্ৰ উত্তেজনা ।



    পৰিস্থিতিৰ বুজ ল'বলৈ হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা আৰু আৰক্ষী অধীক্ষক ৰণদীপ কৌৰ ঘটনাস্থলীত উপস্থিত হৈছে । বৰ্তমানে সীমান্ত এলেকাত চেপা উত্তেজনা বিৰাজ কৰিছে আৰু দুই ৰাজ্যৰ আৰক্ষী মোতায়েন কৰি ৰখা হৈছে ।



    উল্লেখ্য, বহু বছৰৰ পৰা মিজোৰামে সীমান্তৰ এই অঞ্চলসমূহ দখলৰ চেষ্টা চলাই আছে। ২০১৮ চনৰ ফেব্ৰুবাৰি মাহত সীমান্তৰ কচুৰথলত এনে নিৰ্মাণ কাৰ্যত অসম আৰক্ষীয়ে বাধা দিয়াৰ ফলতে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ ।

    ২৭ মাৰ্চ, ২০১৮ত মিজোৰাম সিমান্ত পৰিদৰ্শন কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণায়লৰ উত্তৰ-পূৰ্ব শাখাৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ নেতৃত্বত এটা তিনিজনীয়া দল উপস্থিত হৈছিলে। দলটোৱে দুই ৰাজ্যৰ মূখ্য সচিব পৰ্যায়ৰ বৈঠকত মিলিত হৈও উলিয়াব নোৱাৰিলে কোনো সমাধান সূত্ৰ ।



    ইয়াৰ পাছতো বিগত দুবছৰত মিজোৰামে সীমান্তত আগ্ৰাসন চলোৱাৰ লগতে বহুবাৰ বহু সীমান্তৱৰ্তী গাঁও আৰু গৃহত অগ্নি সংযোগ কৰিছিল ।

    এই ঘটনাকলৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে কাটলিছেড়াৰ বিধায়ক সুজাম উদ্দিন লস্কৰে । মিজো আগ্ৰাসনত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সুজাম উদ্দিনে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যক ব্যৰ্থ বুলি অভিযোগ কৰে । লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অসমৰ মাটি-ভেটি ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি সমালোচনা কৰে।
    Published by:Manjumoni Borah
    First published: