গুলীচালনাত আহত সাতজন অসম আৰক্ষীৰ জোৱানক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ৰ লায়লাপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি। মিজো দুষ্কৃতিকাৰীয়ে গুলীয়ালে অসম আৰক্ষীলৈ, আক্ৰমণ কৰিলে কাছাৰ উপায়ুক্তৰ বাহনত।
মিজো আৰক্ষীৰ গুলীত আহত ৭জন অসম আৰক্ষীৰ জোৱান ৷ মিজোসকলে আক্ৰমণ কৰি চুৰমাৰ কৰে কাছাৰৰ জিলা উপায়ুক্তৰ বাহন ৷ ঘটনাৰ পিছতে পৰিস্থিতি মোকাবিলাৰ বাবে সীমান্তত অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হয়।
অসমৰ ভূমিৰ পৰা মিজোসকলক খেদিবলৈ যাওঁতে মিজোসকলে আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে মিজোৰামৰ ফালৰ পৰা এৰা-ধৰাকৈ গুলীবৰ্ষণ হৈ আছে। যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সাজু হৈ আছে অসম আৰক্ষী ৷
গুলীচালনাত আহত সাতজন অসম আৰক্ষীৰ জোৱানক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|