মিঞা মিউজিয়াম বিতৰ্কঃ সাত মাহ পূৰ্বেই কিয় বিধান সভাত বিৰোধিতা নকৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? প্ৰশ্ন শ্বেৰমানৰ

News18 Assam | News18-Assam
Updated:October 26, 2020, 7:43 PM IST
মিঞা মিউজিয়াম বিতৰ্কঃ সাত মাহ পূৰ্বেই কিয় বিধান সভাত বিৰোধিতা নকৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? প্ৰশ্ন শ্বেৰমানৰ
মাৰ্চতে বাজেট অধিবেশনত চৰকাৰে সদনত গৃহীত কৰিছিল "মিঞা মিউজিয়াম"ৰ প্ৰস্তাৱ।

মাৰ্চতে বাজেট অধিবেশনত চৰকাৰে সদনত গৃহীত কৰিছিল "মিঞা মিউজিয়াম"ৰ প্ৰস্তাৱ।

  • Share this:
মাৰ্চতে বাজেট অধিবেশনত চৰকাৰে সদনত গৃহীত কৰিছিল "মিঞা মিউজিয়াম"ৰ প্ৰস্তাৱ। তাৰ পূৰ্বে শিক্ষা বিভাগ সম্পৰ্কীয় অসম বিধান সভাৰ স্থায়ী কমিটীও গৃহীত কৰিছিল "মিঞা মিউজিয়াম"ৰ প্ৰস্তাৱ। তাৰ সাত মাহ পিছত হঠাৎ সেই গৃহীত প্ৰস্তাৱকলৈ বিজেপিয়ে কিয় কুটিল ৰাজনীতিত লিপ্ত হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অন্যান্য জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি যদি সংৰক্ষণ কৰিব পাৰে চৰ-চাপৰিৰ লোকৰ সম্পদ কিয় সংগ্ৰহালয়ত সংৰক্ষণ কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে সংখ্যালঘু বিধায়ক শ্বেৰমান আলী আহমেদে। বিধায়ক আহমেদৰ মতে, অসমৰ বিভিন্ন চৰ চাপৰিত প্ৰায় ৭০ লাখ ভাৰতীয় মুছলমান লোকে বাস কৰে। অন্যান্য জনগোষ্ঠীৰ দৰে সেই চৰ চাপৰিৰ লোক সকলকো অসমীয়া বুলি গণ্য কৰিবলৈ কয় শ্বেৰমান আলী আহমেদে।

সাত মাহ পূৰ্বে বিধান সভাত বিৰোধিতা নকৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া মেৰুকৰণৰ ৰাজনীতি কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে। অসম বিধানসভাত গৃহীত এক প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মাই সাত মাহ পিছত মুখেৰে ফু মাৰি উৰুৱাই দিব নোৱাৰিব বুলিও প্ৰত্যাহ্বান জনায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কিয় এটা কোঠা "মিঞা মিউজিয়াম"ৰ নামত দিব নোৱাৰিব সেই কথা পৰৱৰ্তী অধিবেশনত তথ্য সহকাৰে চৰকাৰে জনাব লাগিব বুলি কয় শ্বেৰমান আলী আহমেদে।
Published by: Himangshu Bhuyan
First published: October 26, 2020, 7:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading