মিঞা মিউজিয়ামৰ সমৰ্থনত মত ব্যক্ত কৰা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক লৈ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।
বিধায়ক কলিতাই কয় যে শ্বেৰমান আলীৰ মূৰৰ বিকৃত ঘটিছে। সেয়ে তেওঁক তেজপুৰলৈ নি ভালদৰে চিকিৎসা কৰাৰ পৰামৰ্শ দিয়ে কলিতাই।
কলিতাই কয় যে আলীয়ে সময়ে সময়ে নতুন ৰূপ ধাৰণ কৰে। এগৰাকী বিধায়ক হিচাপে তেওঁৰ মন্তব্যত লাজ পাইছোঁ বুলি উল্লেখ কৰি কয় যে ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁ নিৰপেক্ষ ভূমিকা ল'ব লাগিছিল। কলিতাই শ্বেৰমান আলীৰ দৰে ব্যক্তিক গ্ৰেপ্তাৰৰ বাবে চৰকাৰক আহ্বান জনাব বুলি কয়। কলিতাই কয়– ''২৬ জানুৱাৰী বাংলাদেশত পতা কোনো অনুষ্ঠান বুলি ভাবিছে নেকি আলীয়ে?''
উল্লেখ্য, মিঞা মিউজিয়ামৰ সৈতে জেহাদীৰ সম্পৰ্কৰ সম্ভেদ লাভ কৰি আৰক্ষীয়ে মিউজিয়াম ছীল কৰাৰ লগতে কেইবাগৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছিল। বিধায়ক শ্বেৰমান আলীয়ে গ্ৰেপ্তাৰবৰণ কৰা নেতাসকলক নেলচন মাণ্ডেলাৰ সৈতে তুলনা কৰিছিল।
Published by: Gautam Barman
FIRST PUBLISHED : October 27, 2022, 18:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।