உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘কমিটীত মোৰ নাম আছিল যদিও মই উপস্থিত নাছিলো, এই বিষয়ে মই জ্ঞাত নাছিলো’- শ্বেৰমান আলীক তীব্ৰ সমালোচনা পদ্ম হাজৰিকাৰ

    ‘কমিটীত মোৰ নাম আছিল যদিও মই উপস্থিত নাছিলো, এই বিষয়ে মই জ্ঞাত নাছিলো’- শ্বেৰমান আলীক তীব্ৰ সমালোচনা পদ্ম হাজৰিকাৰ

    মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিভিন্ন দল সংগঠনে সমালোচনা অব্যাহত ৰখাৰ পিছতো বিধায়ক শ্বেৰমান আলী এতিয়াও নিজৰ স্থিতিত অটল।

    মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিভিন্ন দল সংগঠনে সমালোচনা অব্যাহত ৰখাৰ পিছতো বিধায়ক শ্বেৰমান আলী এতিয়াও নিজৰ স্থিতিত অটল।

    মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিভিন্ন দল সংগঠনে সমালোচনা অব্যাহত ৰখাৰ পিছতো বিধায়ক শ্বেৰমান আলী এতিয়াও নিজৰ স্থিতিত অটল।

    • Share this:
    মিঞা মিউজিয়ামক লৈ তোলপাৰ ৰাজ্যৰ ৰাজনীতি ৷ বিভিন্ন দল সংগঠনে সমালোচনা অব্যাহত ৰখাৰ পিছতো বিধায়ক শ্বেৰমান আলী এতিয়াও নিজৰ স্থিতিত অটল। কংগ্ৰেছৰ চৰকাৰ হ'লে শ্বেৰমানে কলাক্ষেত্ৰত নিৰ্মাণ কৰিবই মিঞা মিউজিয়াম৷ ইয়াৰ মাজতে দেওবাৰে বিধায়ক শ্বেৰমান আলীয়ে ৰাজহুৱা কৰিছিল  বিধানসভাৰ ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং সমিতিৰ সদস্যসকলৰ তালিকা ৷

    শ্বেৰমানৰ দাবী ষ্টেণ্ডিং সমিতিৰ সভাতেই আলোচনা হৈছিল মিঞা মিউজিয়াম নিৰ্মাণ কৰাৰ কথা। কমিটীত আছিল অগপ বিজেপিৰ বহু কেইজন বিধায়ক। নাম আছিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নাম।

    এতিয়া বিষয়টোৰ সন্দৰ্ভত পুনৰ মুখ খুলিছে বিধায়ক পদ্ম হাজৰিকাই। সোমবাৰে জামুগুৰিহাটৰ পৰিদৰ্শন বাংলোত এখন সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে, মিঞা মিউজিয়াম সম্পৰ্কে আলোচনা কৰা ষ্টেণ্ডিং কমিটীৰ সভাত মই উপস্থিত নাছিলো আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাছিলো ৷ হয় মই কমিটীত আছো। কিন্তু মই উপস্থিত নথকা কোনোবা সভাত যদি এনে আলোচনা হৈছে মই জ্ঞাত নহয় আৰু এনেকুৱা কথা মই কেতিয়াও প্ৰশ্ৰয় নিদিও ৷ মই উপস্থিত নথকাকৈয়ে মোৰ নামটো  একাংশই  প্ৰকাশ কৰাত মই আশ্বৰ্য প্ৰকাশ কৰিছো।

    বিধায়ক হাজৰিকাই লগতে কয় যে, ‘গুৰজনাৰ নামত অসম চুক্তিৰ আধাৰত স্থাপন কৰা কলাক্ষেত্ৰত গুৰুজনাৰ আদৰ্শহে জীয়াই থাকিব। অসমীয়া কলা সংস্কৃতি ৰক্ষা কৰা, গুৰুজনাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰা কলাক্ষেত্ৰত চৰ চাপৰিৰ মিঞা মানুহৰ সংস্কৃতি সংৰক্ষণ কৰাটো কেতিয়াও সম্ভৱ নহয়৷’

    পদ্ম হাজৰিকাই আনকি কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীকো তীব্ৰ সমালোচনা কৰি কয় যে, ‘শ্বেৰমান আলীহতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে ৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হ’ব পৰা কোনো কাৰ্য আমি এইখন অসমত হবলৈ নিদিও ৷ অসমৰ সকলো দল সংগঠনে এনে কাৰ্যৰ বিৰুদ্ধে ওলায় নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
    Published by:Himangshu Bhuyan
    First published: