মিঞা সংগ্ৰহালয়ঃ ৰাইজৰ ৰোষত পৰাৰ ভয়ত ৰিপুণ বৰাই ক’লে- ‘সেয়া শ্বেৰমান আলীৰ ব্যক্তিগত মন্তব্য’

News18 Assam | News18-Assam
Updated:October 25, 2020, 6:48 PM IST
মিঞা সংগ্ৰহালয়ঃ ৰাইজৰ ৰোষত পৰাৰ ভয়ত ৰিপুণ বৰাই ক’লে- ‘সেয়া শ্বেৰমান আলীৰ ব্যক্তিগত মন্তব্য’
মিঞা সংগ্ৰহালয়কলৈ ৰাজনৈতিক বাকযুদ্ধ তুংগত

মিঞা সংগ্ৰহালয়কলৈ ৰাজনৈতিক বাকযুদ্ধ তুংগত

  • Share this:
মিঞা সংগ্ৰহালয়কলৈ ৰাজনৈতিক বাকযুদ্ধ তুংগত। অসমীয়া  সভ্যতা-সংস্কৃতিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ ষড়যন্ত্ৰৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ ষড়যন্ত্ৰ। মিঞা সংগ্ৰহালয় বিচাৰি ৰাজ্য চৰকাৰলৈ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে লিখা পত্ৰক কেন্দ্ৰ কৰি এতিয়া গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ দিয়াকলৈ এতিয়া বিজেপি দলে তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা বিশেষ সভ্যতাই অসমীয়া জাতিৰ ওপৰত আক্ৰমণ চলাই আছে বুলি মন্তব্য কৰিছে।

শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয় স্থাপনৰ আহ্বানেৰে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছত বিভিন্ন দল সংগঠনে বিৰোধিতা কৰিছে বিধায়কগৰাকীৰ মন্তব্যক ৷ এতিয়া এই বিষয়টোৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট  কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰাইজৰ ৰোষত পৰাৰ ভয়ত ৰিপুণ বৰাই কয় যে, "শ্বেৰমান আলীয়ে চৰ-চাপৰি অঞ্চলৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ সংগ্ৰহালয়ৰ ক্ষেত্ৰত উপস্থাপন কৰা প্ৰস্তাৱিত প্ৰত্ৰত উল্লেখ নাই মিঞা সংগ্ৰাহালয়ৰ বিষয়ে।’ ৰিপুন বৰাৰ মতে, শ্বেৰমান আলীৰ ভাষ্য কংগ্ৰেছ দলৰ ভাষ্য নহয় ৷ শ্বেৰমান আলীয়ে আগবঢ়োৱা ভাষ্য সম্পূৰ্ণ ব্যক্তিগত ৷’

বিধানসভাৰ ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটীৰ পৰামৰ্শ অনুসৰি শ্বেৰমান আলীয়ে প্ৰদান কৰা পত্ৰত মিঞা মিউজিয়ামৰ সলনি ব্যৱহাৰ কৰা হৈছে চৰ চাপৰি অঞ্চলত বাস কৰা লোকৰ কলা-সংস্কৃতি সংৰক্ষণৰ সংগ্ৰহালয় হিচাপে ৷ আনহাতে সংবাদ মাধ্যমৰ সন্মুখত মিঞা সংগ্ৰহালয় লাগে বুলি শ্বেৰমান আলীয়ে কৰা মন্তব্য বিষয়ে অৱগত নহয় বুলিও দায় সৰা মন্তব্য কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: October 25, 2020, 6:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading