#MissionPaani : ব্ৰহ্মপুত্ৰৰ পানী সংৰক্ষণ, পৰিয়ালৰ লগতে হাস্পতাললৈও পানী যোগান ধৰিছে তেজপুৰৰ এইজন লোকে

প্ৰধানমন্ত্ৰী মোদীৰ পানী সংৰক্ষণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই NETWORK18-এ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ‘মিছন পানী’ অভিযানেৰে ৰাইজক পানী সংৰক্ষণৰ বাবে সজাগ কৰি তোলাৰ প্ৰয়াস কৰিছে NETWORK18-এ।

News18-Assam
Updated:July 19, 2019, 3:55 PM IST
#MissionPaani : ব্ৰহ্মপুত্ৰৰ পানী সংৰক্ষণ, পৰিয়ালৰ লগতে হাস্পতাললৈও পানী যোগান ধৰিছে তেজপুৰৰ এইজন লোকে
প্ৰধানমন্ত্ৰী মোদীৰ পানী সংৰক্ষণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই NETWORK18-এ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ‘মিছন পানী’ অভিযানেৰে ৰাইজক পানী সংৰক্ষণৰ বাবে সজাগ কৰি তোলাৰ প্ৰয়াস কৰিছে NETWORK18-এ।
News18-Assam
Updated: July 19, 2019, 3:55 PM IST
তেজপুৰ চহৰৰ ঔগুৰি পাহাৰত পানীৰ সমস্যা এক ডাঙৰ সমস্যা হৈ পৰিছে। তেজপুৰ পৌৰসভাৰ অধীনস্থ ১৯নং ৱাৰ্ডৰ এই অঞ্চলটোত বসবাস কৰা লোকসকলে বছৰ বছৰ ধৰি পানীৰ বাবে হাহাকাৰ কৰি আহিছে৷ কাষেৰে ব্ৰহ্মপুত্ৰ বৈ গৈছে যদিও অঞ্চলটোত পানীৰ বাবে খনন কৰিলে পানীৰ পৰিৱৰ্তে শিলহে ওলায়৷ কুঁৱা, দমকল একোৰেই সম্ভৱ নহয় পানী উলিয়াবলৈ৷ অঞ্চলটোত পানীৰ ব্যৱস্থা কৰিবলৈ আনকি হাৰ মানিছে জনস্বাস্থ্য কাৰিকৰী বিভাগেও৷ নৈপৰীয়া সাধাৰণ লোকসকলে নৈৰ পানীকে ব্যৱহাৰ কৰি আহিছে দীৰ্ঘদিন ধৰি৷

ইয়াৰ মাজতে ব্যতিক্ৰম চিন্তাৰে এজন বিশেষ লোকে নিজ ঘৰতে ব্ৰহ্মপুত্ৰৰ পানী সংৰক্ষণ কৰি ইয়াক ব্যৱহাৰৰ উপযোগী কৰি তুলিছে৷ এইজন লোকজনৰ নাম আব্দুল মুন্নাফ। ঔগুৰি পাহাৰৰ বাসিন্দা এই লোকজনে ঘৰতে নিৰ্মাণ কৰি লৈছে ১৬ হাজাৰ লিটাৰ পানী সংৰক্ষণ কৰিব পৰাকৈ এটা টেংকী৷ মটৰ আৰু পাইপৰ সহায়ত ব্ৰহ্মপুত্ৰৰ পানী প্ৰথমে টেংকীত সংৰক্ষণ কৰাৰ পিছত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্দেশনামৰ্মে বিশুদ্ধকৰণৰ ব্যৱস্থা কৰিছে। টেংকীৰ পানী ফিল্টাৰ কৰি পুনৰ আন এটা মটৰৰ সহায়ত ইয়াক ব্যৱহাৰৰ উপযোগী কৰি সংৰক্ষণ কৰে আব্দুল মুন্নাফে।



ফিল্টাৰ কৰা নৈৰ পানীৰে আব্দুল মুন্নাফৰ ৫ জনীয়া পৰিয়ালটো বিশেষভাৱে উপকৃত হৈ আহিছে৷ কেৱল মুন্নাফৰ পৰিয়ালটোৱেই নহয়, মুন্নাফৰ বাসগৃহত ভাৰালৈ দিয়া চহৰীয়া স্বাস্থ্য কেন্দ্ৰ তথা ৰোগীও উপকৃত হৈ আহিছে এই পানী পৰা। লোকজনৰ এই পদক্ষেপ নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য।

প্ৰধানমন্ত্ৰী মোদীৰ পানী সংৰক্ষণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই NETWORK18-এ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ‘মিছন পানী’ অভিযানেৰে ৰাইজক পানী সংৰক্ষণৰ বাবে সজাগ কৰি তোলাৰ প্ৰয়াস কৰিছে NETWORK18-এ। আপুনিও এই অভিযানৰ অংশ হওক আৰু নিজৰে পৰিচয় দিয়ক জলৰক্ষক হিচাপে।
আৰু চাওক পৰৱৰ্তী বাতৰি