মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাটি-বাৰীৰ সমস্যা আছে নেকি? ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা, সামৰি লোৱা হ'ব এই ৯টা সেৱা...

মাটি-বাৰীৰ সমস্যা আছে নেকি? ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা, সামৰি লোৱা হ'ব এই ৯টা সেৱা...

News18 Assam | News18-Assam
Updated:September 25, 2021, 9:13 AM IST
মাটি-বাৰীৰ সমস্যা আছে নেকি? ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা, সামৰি লোৱা হ'ব এই ৯টা সেৱা...
ইয়াৰ বাবে ব্যয় হ'ব ২০৯.৮৪ কোটি টকা

ইয়াৰ বাবে ব্যয় হ'ব ২০৯.৮৪ কোটি টকা

  • News18 Assam
  • Last Updated: September 25, 2021, 9:13 AM IST
  • Share this:
মাটি-বাৰীৰ সমস্যাৰ আছে নেকি? নিজৰ নামত নামজাৰি হ'লনে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা আপোনাৰ মাটি? এনেবোৰ সমস্যা সমাধানৰ বাবে এতিয়া ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা।  শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মিছন বসুন্ধৰা পৰ্টেলৰ অধীনত সাঙুৰি লোৱা হ'ব সৰ্বমুঠ ৯টা সেৱা।

  • উত্তৰাধিকাৰী সূত্ৰে নামজৰি।


  • দলিল সূত্ৰে নামজাৰি।

  • বিবাদমুক্ত বাটোৱাৰা।

  • একচনীয়া পট্টাৰ ম্যাদী পট্টাকৰণ।

  • মাটিৰ শ্ৰেণী পৰিৱৰ্তন।


  • ৰাজহ নথিৰ পৰা দখল, স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন।

  • আৱণ্টিত মাটিৰ ম্যাদী পট্টাকৰণ।

  • ভূমি নথিৰ সংশোধনী।

  • ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ।


ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ব্যয় হব প্ৰায় ২০৯.৮৪ কোটি টকা। আঁচনিখনৰ ৰূপায়নৰ সময়ত আন কেতবোৰ বিষয়ত গুৰুত্ব দিয়া হ'বঃ

  •  আঁচনিৰ ৰূপায়ণৰ সময়ত এ এল আৰ ১৮৮৬ৰ অধিনিয়ম ১২৬ আৰু ১৭৪ শিথিল কৰা হ'ব।

  • গ্ৰামাঞ্চলত একচনীয়া পট্টা ম্যাদীকৰণৰ ক্ষেত্ৰত কিস্তি ৰেহাইৰ ব্যৱস্থা।

  • সকলো ধৰণৰ ভূমি সম্পৰ্কীয় বিবাদ দূৰীকৰণৰ বাবে পৰৱৰ্তী বিধানসভা অধিৱেশনত নতুন আইন অনা হ'ব।

  • জৰীপৰ সা-সৰঞ্জাম সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হ'ব।

  • সকলো ৰাজহ চক্ৰত সকৰাকী জৰীপ সঞ্চালক আৰু জৰীপ দল থাকিব।

Published by: Himangshu Bhuyan
First published: September 25, 2021, 9:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি