মুহূৰ্ততে জব্দ হ'ব আপোনাৰ বাহন। আৰম্ভ হ'ল মিছন অল ক্লিয়াৰ। পৰিবহণ বিভাগৰ এই অভিযানৰ উদ্দেশ্য হৈছে যান বাহনৰ অনাদায় কৰ আদায় কৰা। কেৱল কামৰূপ মহানগৰ পৰিবহণ বিভাগেই যান বাহনৰ পৰা ১০০ কোটিৰো অধিক কৰ পাবলৈ বাকী আছে। ইয়াৰে বাণিজ্যিক বাহনৰ অনাদায় কৰ ৮০ কোটি। আনহাতে ব্যক্তিগত বাহনে পৰিশোধ কৰিবলৈ আছে ২০ কোটিৰ অধিক ধন।
বকেয়া কৰ অনাদায় বাহনৰ বিৰুদ্ধে মঙলবাৰৰ পৰা ৰাজপথত নামিছে পৰিবহণ বিভাগ বশিষ্টৰ পাছত বুধবাৰে মাছখোৱাত এনফৰ্চমেণ্ট বাহিনীয়ে চলাই অভিযান বৰ্তমানলৈকে প্ৰায় ২৫ কোটি টকাৰ কৰ সংগ্ৰহ কৰিছে পৰিবহণ বিভাগে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 02, 2022, 13:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।