অৱশেষত সন্ধান ওলাল হেৰুওৱা ৰয়েল এনফিল্ডৰ, পিছে কোনে পালে ৫০ হাজাৰ টকা?

News18 Assam | News18-Assam
Updated:July 25, 2020, 6:13 PM IST
অৱশেষত সন্ধান ওলাল হেৰুওৱা ৰয়েল এনফিল্ডৰ, পিছে কোনে পালে ৫০ হাজাৰ টকা?
অৱশেষত উদ্ধাৰ হ’ল যোৰহাট নগৰৰ পৰা কেইদিনমান পূৰ্বে চুৰি হোৱা দুখন মটৰচাইকেল।

অৱশেষত উদ্ধাৰ হ’ল যোৰহাট নগৰৰ পৰা কেইদিনমান পূৰ্বে চুৰি হোৱা দুখন মটৰচাইকেল।

  • Share this:
অৱশেষত উদ্ধাৰ হ’ল যোৰহাট নগৰৰ পৰা কেইদিনমান পূৰ্বে চুৰি হোৱা দুখন মটৰচাইকেল। ইয়াৰে এখন চুৰি হোৱা ৰয়েল এনফিল্ডৰ বাবে গৰাকীয়ে ঘোষণা কৰিছিল ৫০ হাজাৰ টকা পৰ্যন্ত নগদ ধনৰ পুৰস্কাৰ। কিন্তু কোনে লাভ কৰিলে এই পুৰস্কাৰ বা  ক’ত, কেনেদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল মটৰ চাইকেলকেইখন?

নিজৰ মৰমৰ ‘ৰয়েল এনফিল্ড চিগনেল 350’ মটৰচাইকেলখনৰ গৰাকী যোৰহাট নগৰৰ দিব্যজ্যোতি আছিল লাকী। কিন্তু তাৰ বিপৰীতে পল্লব, ৰাহুল আৰু দিপেন আছিল আনলাকী। আৰু সেইবাবেই চুৰি বাইকসহ তিনিওটা গভাইট চোৰেই জালত পৰিল যোৰহাট সদৰ থানাৰ আৰক্ষীৰ।

যোৱা ১৫ জুলাইৰ নিশা যোৰহাট নগৰৰ চোলাধৰা আৰু লিচুবাৰীৰ পৰা দুখন ৰয়েল এনফিল্ড মটৰ চাইকেল আৰু এখন পালচাৰ বাইক চুৰি হৈছিল। যোৰহাট আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পম খেদি প্ৰথমে মেৰাপানীৰ পৰা পালচাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে বৃহস্পতিবাৰে নিশা নাগালেণ্ডৰ লিফি বস্তিৰ সমীপৰ পৰা ৰয়েল এনফিল্ডখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰিছে নুমলীগড়ৰ পল্লৱ বসুমতাৰী, যোৰহাটৰ ৰাহুল দাস আৰু মেৰাপানীৰ দিপেন বড়োক।
Published by: Himangshu Bhuyan
First published: July 25, 2020, 6:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি