গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত বাহৰ পাতিছে মহাৰাষ্ট্ৰৰ কেইবাগৰাকী বিধায়কে ৷ তেনে সময়তে নিৰুদ্দেশ হৈ আছে অসমৰ এগৰাকী সাংসদ ৷ নিৰুদ্দেশ হোৱা সাংসদ (MP Missing)গৰাকীক বিচাৰি প’ষ্টাৰ আঁৰিছে ৷ অ’ত ত’ত প’ষ্টাৰ আঁৰি সাংসদ গৰাকীৰ শুংসুত্ৰ উলিয়াবলৈ আহ্বান জনাইছে প্ৰশাসনক ৷
ৰ’ব, ভুল নুবুজিব ৷ আচলতে এয়া প্ৰতিবাদৰ এটা পন্থাহে ! কিন্তু প্ৰকৃততে হৈছে কি ? বিগত কেইবাদিন ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত মুষলধাৰ বৰষুণৰ বিষয়ে সৰ্বজনবিদিত ৷ বিপদ সীমা অতিক্ৰম কৰাৰ বাবেই পানী এৰিছে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পই ৷ তাৰ পিছতে ফেনেফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ উপনৈ সমূহ ৷ বাঢ়নী পানীয়ে প্লাৱিত (Assam Flood) কৰিছে ৰাজ্যৰ ৩২ খনকৈ জিলা ৷
বানত ককবকাইছে ৰাজ্যৰ জনতা ৷ তাৰ মাজতে বানাক্ৰান্ত সকলক সাহাৰ্য প্ৰদান কৰিছে চৰকাৰ, প্ৰশাসনৰ লগতে বহু বেচৰকাৰী সংস্থাই ৷ বিগত এটা মাহত দুবাৰকৈ বলিয়া বানে ক্ষতিগ্ৰস্ত কৰিছে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বহু অঞ্চলৰ লগতে মৰিগাঁও জিলাতো ৷ এয়াও অসমৰ সকলো ৰাইজৰে জ্ঞাত ৷
কিন্তু এনে জটিল পৰিস্থিতিত সমষ্টিবাসীৰ লগতে বানাক্ৰান্তৰ খবৰ লবলৈ আহৰি পোৱা নাই নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ (MP Pradyut Bardoloi)য়ে ৷ বিগত বহু দিন ধৰি সাংসদ গৰাকীৰ মুখেই হেনো দেখা নাই সমষ্টিবাসীয়ে ৷ বান সাহাৰ্য দুৰৰে কথা, বানত ককবকাই থকা সমষ্টিবাসীক এষাৰ মাত দিবলৈও প্ৰয়োজনবোধ নকৰিলে ১০ নং নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷
সেয়ে সাংসদ গৰাকীৰ ফটো সম্বলিত নিৰুদ্দেশ সম্পৰ্কীয় বেনাৰ-প’ষ্টাৰ লগাই মৰিগাঁৱত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে “সহায় অসম” নামৰ স্বেচ্ছাসেৱী সংগঠনে ৷ লগতে সাংসদ গৰাকীৰ শুংসূত্ৰ উলিয়াবলৈও প্ৰশাসনক আহ্বান জনায় 'সহায় অসম' নামৰ বেচৰকাৰী সংগঠনটোৰ কৰ্মকৰ্তা সকলে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : June 24, 2022, 21:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|