উদ্ধাৰ হ'ল বৰক্ষেত্ৰীৰ নিৰুদ্দিষ্ট কণমানি দেৱশিশু৷ ঘগ্ৰাপাৰত উদ্ধাৰ হোৱা শিশুটিয়ে হৈছে মুকালমুৱাৰ নিৰুদ্দিষ্ট শিশুটি৷ অৱশেষত পৰিয়ালৰ লোকে কৰিলে শিশুটিক চিনাক্ত।
বৰক্ষেত্ৰীৰ তাহেৰ আলীৰ শিশুটি শুকুৰবাৰে নিশা শুই থকা অৱস্থাত মাতৃৰ বকুৰ পৰা সন্ধানহীন হৈছিল। নিৰুদ্দিষ্ট শিশুটিক মাতৃয়ে কৰালে দুগ্ধপান৷
কোনে কিয় মুকালমুৱাৰ পৰা দেৱশিশুটিক অপহৰণ কৰি আনি ঘগ্ৰাপাৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলত পেলাই দিছিল সেয়া স্পষ্ট হোৱা নাই৷ এখন মোনাৰ ভিতৰত উদ্ধাৰ হৈছিল দেৱশিশুটি৷
এতিয়া পৰিয়াল তথা আত্মীয় ভিৰ কৰিছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|