• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিদিনৰ মূৰত ধনশিৰিৰ বুকুত উদ্ধাৰ হ’ল ৰক্তিম বৰুৱাৰ মৃতদেহ

তিনিদিনৰ মূৰত ধনশিৰিৰ বুকুত উদ্ধাৰ হ’ল ৰক্তিম বৰুৱাৰ মৃতদেহ

 SDRF আৰু NDRF–এ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৰক্তিম বৰুৱাক।

SDRF আৰু NDRF–এ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৰক্তিম বৰুৱাক।

SDRF আৰু NDRF–এ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৰক্তিম বৰুৱাক।

  • Share this:
তিনিদিনৰ মূৰত উদ্ধাৰ হ’ল গোলাঘাটৰ থুৰামুখত ধনশিৰিৰ বুকুত নিখোজ হোৱা NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ। স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে ৰক্তিম বৰুৱাৰ মৃতদেহ। পৰিয়ালৰ সৈতে বনভোজ খাবলৈ আহি সন্তানৰ সৈতে খেলি থকা অৱস্থাত পানীত ডুবি গৈছিল ৰক্তিম বৰুৱা। SDRF আৰু NDRF–এ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৰক্তিম বৰুৱাক।

ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ হাঁহচৰা নামৰ স্থানত উদ্ধাৰ লোকজনৰ মৃতদেহ। পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে বৰুৱা মৃতদেহ আৰু লগে লগেই খবৰ দিয়ে আৰক্ষীক।

উল্লেখ্য যে দেওবাৰৰ বিয়লিৰ ভাগত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পাছৰে পৰা অভিযান চলাই গৈছিল SDRF বাহিনীয়ে। মঙলবাৰৰ দিনটোত NDRF বাহিনীও উপস্থিত হৈ চলাইছিল অভিযান।

সম্পূৰ্ণ ৪ দিনৰ পাছত উদ্ধাৰ হ'ল তেওঁৰ মৃতদেহ। নিজ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ দেওবাৰে ধনশিৰিত উটি গৈছিল অভিযন্তা ৰক্তিম বৰুৱা।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: