বিগত ৪ অক্টোবৰ তাৰিখে নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া এটা দল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত হিমস্খলনৰ বাবে আবদ্ধ হৈছিল। ইতিমধ্যে পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ২৬জন প্ৰশিক্ষাৰ্থীৰ মৃত্যু হৈছে। এই দলটোত অসমৰ কন্যা দীপশিখা হাজৰিকাও আছিল। গুৱাহাটীৰ ৰাজগড়ৰ নিবাসী দীপশিখা নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিঙৰ ছাত্ৰী আছিল। কিন্তু অতি দুখৰ খবৰ যে, আজি দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ হয়। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈছিল গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ দীপশিখা হাজৰিকা। উত্তৰ কাশী হিমস্খলনত আন পৰ্বতাৰোহীসকলৰ সৈতে ৪ দিন ধৰি আৱদ্ধ হৈ আছিল তেওঁ। জানিব পৰা মতে তেওঁৰ লগতে ৮ প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীৰো মৃতদেহ উদ্ধাৰ হৈছে।
মন কৰিবলগীয়া যে, এই পৰ্যন্ত ২৬গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ হৈছে।
মৃত দিপশিখা হাজৰিকাই নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনীয়াৰিঙত
এডভান্স মাউণ্টেইনীয়াৰিং কোৰ্ছ কৰি আছিল। এডভান্স ট্ৰেইনিঙৰ বাবে বাচনি হৈ তেওঁ।
কিন্তু নিয়তিৰ কোলাত চিৰদিনৰ বাবে হেৰাই গ'ল গিৰিৰাজ হিমালয়ক ভালপোৱা ছোৱালীজনী। হিমালয়ৰ শুভ্ৰকোমল বক্ষত চিৰ দিনৰ বাবে হেৰাই গল তেওঁ।
![]()
হিমালয়ৰ বুকুত মৃত্যুক সাৱটি লোৱা দিপশিখা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী। ১৯৭৯ চনৰ ৫ অক্টোবৰৰ দিনা অসমৰ পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞাৰ ৬,৯৪০ মিটাৰ উচ্চতাৰ কেডাৰনাথ গম্বুজ (Dome) শিখৰ আৰোহণ কৰি উভটি অহাৰ পথত বৰফৰ ধুমুহাৰ মৃত্যু হৈছিল। আনহাতে ২০১২ চনত অন্বেষণকাৰী সংগঠনৰ ৬,১৬২ মিটাৰ উচ্চতাৰ Gangstang শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে উচ্চ উচ্চতাৰ ৰোগত আক্ৰান্ত হৈ প্ৰাণ বিসৰ্জন দিয়াৰ বিপৰীতে বিগত ৪ অক্টোবৰত ৫,৭৬০ মিটাৰ ওখ 'দ্ৰৌপদী কা দাণ্ডা–২' শিখৰৰ পৰা নামি অহাৰ পথত গুৱাহাটীৰ কন্যা দিপশিখাই প্ৰাণ হেৰুৱালে। তেওঁৰ লগতে মেঘালয়ৰ পৰ্বতাৰোহী টিকলু জিৰৱা (Tiklu Jyrwa)ৰ মৃতদেহ আজি উদ্ধাৰ হৈছে ।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|