'অসম আৰক্ষীৰ এগৰাকী জোৱান আলফা স্বাধীনত যোগদান কৰাৰ তথ্য লাভ কৰিছে। কিন্তু সেইজনেই নিৰুদ্দেশ হৈ থকা ৰিতু বৰা হয়নে নহয়, সেয়া নিশ্চিতভাৱে এই মুহূৰ্তত ক’ব পৰা নাযায়' - মূখ্যমন্ত্ৰী।
'অসম আৰক্ষীৰ এগৰাকী জোৱান আলফা স্বাধীনত যোগদান কৰাৰ তথ্য লাভ কৰিছে। কিন্তু সেইজনেই নিৰুদ্দেশ হৈ থকা ৰিতু বৰা হয়নে নহয়, সেয়া নিশ্চিতভাৱে এই মুহূৰ্তত ক’ব পৰা নাযায়' - মূখ্যমন্ত্ৰী।
আজিও সন্ধান পোৱা নাই যোৱা ৪ জুনৰ পৰা নিৰুদ্দিষ্ট হৈ থকা 6th IRBNৰ জোৱান ৰিতু বৰাৰ। পশ্চিম কাৰ্বি-আংলঙৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত হৈ থকাৰ পৰা নিৰুদ্দেশ হৈ থকা আৰক্ষী জোৱান গৰাকীৰ সম্ভেদ বিচাৰি পিতৃ হাবাথুৰি খোৱাৰ সময়তে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। c
মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে যোৰহাটলৈ অহা মুখ্যমন্ত্ৰীগৰাকীক নিৰুদ্দিষ্ট ৰিতু বৰাৰ সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয়, 'অসম আৰক্ষীৰ এগৰাকী জোৱান আলফা স্বাধীনত যোগদান কৰাৰ তথ্য লাভ কৰিছে। কিন্তু সেইজনেই নিৰুদ্দেশ হৈ থকা ৰিতু বৰা হয়নে নহয়, সেয়া নিশ্চিতভাৱে এই মুহূৰ্তত ক’ব পৰা নাযায়।'
প্ৰায় আঢ়ৈ মাহ নিৰুদ্দেশ হৈ থকা ৰিতু বৰাৰ ঘৰ যোৰহাটৰ মেলেং লহকৰ গাঁৱত। পুত্ৰ কৰ্মস্থলীৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছত কোনো শুংসুত্ৰ লাভ কৰিব নোৱাৰি পিতৃয়ে সংবাদ মাধ্যমৰ জড়িয়তে হাতযোৰ কৰি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছিল।
উল্লেখ্য যে আৰক্ষী জোৱান গৰাকী নিৰুদ্দেশ হোৱাৰ তিনিদিনৰ পাছত তেওঁৰ হাতত থকা ইনছাছ ৰাইফলটোৰ লগতে ২০ জাঁই সজীৱ গুলী কৰ্তব্যস্থলীৰ পৰা নাতিদুৰৈত উদ্ধাৰ হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|