AN-32ৰ সৈতে সন্ধানহীন হোৱা বিষয়াৰ সন্ধানত অসমলৈ আত্মীয়

এইপৰ্যন্ত সন্ধান নোলোৱা বিমানত থকা বায়ুসেনাৰ বিষয়াৰ পৰিয়ালত চৰম উদ্বিগ্নতা। সুকলমে ঘুৰি অহাৰ প্ৰাৰ্থনা।

news18assam
Updated:June 5, 2019, 12:31 PM IST
AN-32ৰ সৈতে সন্ধানহীন হোৱা বিষয়াৰ সন্ধানত অসমলৈ আত্মীয়
এইপৰ্যন্ত সন্ধান নোলোৱা বিমানত থকা বায়ুসেনাৰ বিষয়াৰ পৰিয়ালত চৰম উদ্বিগ্নতা। সুকলমে ঘুৰি অহাৰ প্ৰাৰ্থনা।
news18assam
Updated: June 5, 2019, 12:31 PM IST
সোমবাৰে অসমৰ পৰা উৰা মৰাৰ পিছতে সংযোগ বিচ্ছিন্ন হোৱা AN-32 বিমানৰ ১৩ জন সন্ধানহীন লোকৰ মাজত আছিল পঞ্জাৱৰ পাটিয়ালা জিলাৰ সামনা চহৰৰ ২৭বছৰীয়া ফ্লাইট লেফটেনেণ্ট মোহিত গাৰ্গ।  যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা অৰুণাচললৈ যাত্ৰা কৰাৰ পিছতে সামৰিক বিমানখনৰ ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল। বিমানখনৰ সৈতে সন্ধানহীন হোৱা বিষয়াসকলৰ পৰিয়ালৰ মনত এতিয়া অপাৰ উদ্বিগ্নতা আৰু শংকাৰ ভাব।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এক তথ্য অনুসৰি বিমানখনত সতীৰ্থৰ সৈতে সন্ধানহীন হোৱা মোহিত গাৰ্গৰ পিতৃ সুৰিন্দৰ গাৰ্গ আৰু খুৰাক ঋষি গাৰ্গে এই তথ্য লাভ কৰাৰ পিছতে অসমলৈ ৰাওনা হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমটোৱে প্ৰকাশ কৰা কৰা প্ৰতিবেদনত মোহিত গাৰ্গৰ সম্পৰ্কীয় প্ৰেম পালে টেলিভিজনত পুত্ৰ থকা বিমানখন সন্ধানহীন হোৱাৰ বাতৰি পোৱাৰ পিছতে অসমত থকা মোহিতৰ পত্নী আস্থাৰ সৈতে যোগাযোগ কৰে। মোহিতৰ পত্নীয়ে স্বামী সন্ধানহীন বিমানখনত থকাৰ কথা নিশ্চিত কৰাৰ পিছতে পৰিয়ালটো উদ্বিগ্ন হৈ পৰিছে।

নভাৰ পঞ্জাৱ পাব্লিক স্কুলৰ প্ৰাক্তন ছাত্ৰ মোহিতে নিজৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ পুণেৰ এনডিএৰ পৰা গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰ হিচাপে তেওঁক নিযুক্তি দিয়া হয়। দুই সন্তানৰ নুমলীয়া মোহিতে বিগত বছৰৰ ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি