৩ জুনৰ পৰা সন্ধানহীন বায়ুসেনাৰ AN-32 বিমানৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

সন্ধান পালে 0378-3222164, 94364 99477, 94020 77267 আৰু 94021 32477 নম্বৰত খবৰ দিব পাৰিব। প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব ৫ লাখ টকাকৈ আৰু প্ৰতিটো গোটকে পুৰষ্কৃত কৰিব বায়ুসেনাই। 

news18assam
Updated:June 8, 2019, 10:18 PM IST
৩ জুনৰ পৰা সন্ধানহীন বায়ুসেনাৰ AN-32 বিমানৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা
ফাইল ফটো
news18assam
Updated: June 8, 2019, 10:18 PM IST
নিখোজ বিমানৰ সন্ধান দিওঁতালৈ IAF-এ ঘোষণা কৰিছে ৫ লাখ টকাৰ পুৰস্কাৰ। সন্ধান পালে 0378-3222164, 94364 99477, 94020 77267 আৰু 94021 32477 নম্বৰত খবৰ দিব পাৰিব। প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব ৫ লাখ টকাকৈ আৰু প্ৰতিটো গোটকে পুৰষ্কৃত কৰিব বায়ুসেনাই।


এয়াৰ মাৰ্শ্বাল আৰ ডি মাথুৰে ঘোষণা কৰিছে এই পুৰস্কাৰ। এই কথা জনালে PRO ৱিং কমাণ্ডাৰ ৰত্নাকৰ সিঙে। ৩ জুনৰ পৰা সন্ধানহীন বায়ুসেনাৰ AN-32 বিমান। উৰণৰ ৫ মিনিট পিছতে সন্ধানহীন হৈছিল বিমানখন। যোৰহাটৰ পৰা অৰুণাচলৰ মেছুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ গৈছিল বিমানখন। ৮জন ক্ৰিউ, ৫ যাত্ৰীসহ ১৩গৰাকী লোক আছিল সন্ধানহীন বিমানখনত।

ছদিনৰ পিছত অসহায় বায়ুসেনাই ঘোষণা কৰিলে পুৰস্কাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি